মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

পুৰাতাত্ত্বিক স্থানসমূহ

সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ

(১) খাৰ ঘৰ, পানবাৰী, ধুবুৰী জিলা:

ধুবুৰী জিলাৰ পানবাৰীত থকা খাৰঘৰটো বৰ্তমান ধ্বংসপ্ৰাপ্ত অৱস্থাত আছে। আহোমৰ লগত মোগলৰ যুদ্ধৰ সময়তে ইয়াকে সজোৱা হৈছিল।

 

(২) পানবাৰীৰ ধ্বংসাৱশেষ, পানবাৰী, ধুবুৰী জিলা:

মধ্য যুগৰ এটা ইটাৰে বনোৱা গাঁথনি এই ঠাইত আছে। 

(৩) মটেৰঝাৰ মন্দিৰ, মটেৰঝাৰ, ধুবুৰী জিলা:

কোচ যুগৰ ইটাৰে বনোৱা মন্দিৰ ইয়াত আছে। এই স্থানত এটা পুখুৰী আছে। এই স্থানত ভূগৰ্ভস্থ বিশেষ ধৰণৰ ইটাৰ গাঁঠনি এটা পোৱা গৈছে, যিটোৰ সম্পূৰ্ণ খনন এতিয়াও হোৱা নাই।

 

(৪) মহাদেৱ পৰ্বত, শ্ৰীশ্ৰীসূৰ্য পাহাৰ, গোৱালপাৰা জিলা:

এই স্থানত অসংখ্য শিৱলিংগ পোৱা গৈছে।

 

(৫) পাগলাটেকৰ ধ্বংসাৱশেষ, পাগলাটেক, গোৱালপাৰা জিলা:

এই স্থানখন গুপ্ত যুগৰ পিছৰ সময়ৰ। এই ঠাইত পোৱা কেইটামান সোণৰ মোহৰ আনুমানিক ৭০০ খ্ৰীষ্টপূৰ্বৰ বুলি ধাৰণা কৰা হৈছে; ঠাইখিনি ব্যৱসায়ৰ বাবে উন্নত আছিল বুলি অনুমান কৰা হৈছে। এই সঞ্চালকালয়ে পূৰাতাত্ত্বিক অভিযান চলোৱাত এই কথাটোৱেই নিশ্চিত হৈছে। এই স্থানত এটা শিলত কটা গুহা ব্ৰহ্মপুত্ৰ নদৰ ফালে মুখ কৰি আছে। ইয়াত পোৱা এটা শিলৰ মন্দিৰৰ খণ্ড, মন্দিৰৰ নক্সাৰ ভগ্নাৱশেষ আৰু এটা যোনিপীঠ আনুমানিক ১১০০ খ্ৰীষ্টপূৰ্বৰ বুলি ঠাৱৰ কৰা হৈছে।

এই স্থানখন গুপ্ত যুগৰ পিছৰ সময়ৰ। এই ঠাইত পোৱা কেইটামান সোণৰ মোহৰ আনুমানিক ৭০০ খ্ৰীষ্টপূৰ্বৰ বুলি ধাৰণা কৰা হৈছে; ঠাইখিনি ব্যৱসায়ৰ বাবে উন্নত আছিল বুলি অনুমান কৰা হৈছে। এই সঞ্চালকালয়ে পূৰাতাত্ত্বিক অভিযান চলোৱাত এই কথাটোৱেই নিশ্চিত হৈছে। এই স্থানত এটা শিলত কটা গুহা ব্ৰহ্মপুত্ৰ নদৰ ফালে মুখ কৰি আছে। ইয়াত পোৱা এটা শিলৰ মন্দিৰৰ খণ্ড, মন্দিৰৰ নক্সাৰ ভগ্নাৱশেষ আৰু এটা যোনিপীঠ আনুমানিক ১১০০ খ্ৰীষ্টপূৰ্বৰ বুলি ঠাৱৰ কৰা হৈছে।

 

(৬) ৰাউচৰ সৌধ, কাছাৰী ৰোড, গোৱালপাৰা জিলা:

ৰাউচৰ সৌধ হৈছে গোৱালপাৰা জিলা ন্যায়িক দণ্ডাধীশৰ ওচৰত থকা বান্দৰ কন্দা পাহাৰত থকা এজন ইউৰোপীয় নিমখ বেপাৰীৰ কবৰ। এই পাহাৰ খননৰ অনস্থানৰ বিশেষত্ব এটা হল – পাহাৰখন তিনিওফালে ব্ৰহ্মপুত্ৰ নদীয়ে আগুৰি আছে। ইয়াত অৱস্থিত বহুবিলাক কবৰ আৰু ব্ৰিটিছৰ অট্টালিকাই এই কথা সূচায় যে ইয়াতে ব্ৰিটিছ আৰু আন আন ইউৰোপীয় বিষয়াৰ এটা কলনী আছিল। এই কবৰবিলাকে ব্ৰিটিছ বিষয়াসকলৰ গৌৰৱ সোঁৱৰাই –যিবিলাকে ইয়াৰ পৰাই গোৱালপাৰাত ব্ৰিটিছৰ শাসন চলাইছিল।

(৭) টুক্ৰেশ্বৰী মন্দিৰ, কৃষ্ণাই, গোৱালাপাৰা জিলা:

এই ঠাইত এটা শিৱলিংগ পোৱা হৈছে। বৰ্তমানৰ মন্দিৰটো ইয়াৰ নামনিত টিনপাত লগাই বনোৱা হৈছে। কিম্বদন্তি অনুসাৰে ইয়াতে হেনো সতীৰ দেহৰ এটা খণ্ড পৰিছিল। 

(৮) শিৱ থান, পঞ্চৰত্ন, গোৱালপাৰা জিলা: 

কেইবাটাও যুগৰ সংস্কৃতিৰ পূৰাতাত্ত্বিক সমল ইয়াত আছে। শিলত খোদিত এটা খ্ৰীষ্ট জন্মৰ আগৰ বুলি ধৰা হৈছে। এটা শৈল মন্দিৰৰ সিঁচৰিত হৈ থকা কাৰুকাৰ্য খচিত ভগ্নাৱশেষবোৰ চাই ইয়াক আনুমানিক দশম-একাদশ খ্ৰীষ্টপূৰ্ব শতিকাৰ বুলি কব পাৰি।

 

   

(৯) গণেশ মন্দিৰ, অভয়াপুৰী, বঙাইগাঁও জিলা: 

গণেশ মন্দিৰ পূৰাতাত্ত্বিক স্থানখন সমতল ভূমিত অৱস্থিত আৰু গণেশৰ শিলৰ মন্দিৰটোৰ অৱশেষৰ ওপৰত ইটাৰে মঞ্চ আৰু মজিয়াখন বনোৱা গৈছে। ইটাৰে বনোৱা ভেটিটো বিশেষভাৱে ত্ৰিৰথ নক্সাৰে বনোৱা।উত্তৰ-দক্ষিণলৈ বনোৱা ই ৩২ মিটাৰ দীঘল। ভেটিটোৰ প্ৰস্থ সোঁমাজত ১৯ মিটাৰ আৰু উত্তৰৰ আৰু দক্ষিণৰ সীমাৰেখাইদি পূৱ-পশ্চিমকৈ ১৪ মিটাৰকৈ দীঘল। ইয়াক দক্ষিণফালে ১৫ শাৰী আৰু উত্তৰফালে ২০ শাৰী ইটাৰে বনোৱা হৈছিল; ইয়াবিলাক ০.৫ মিটাৰ ডাঠ আছিল। গণেশৰ শৈল মন্দিৰটোৰ ভূমি ভাগত দুটা অংশ আছিল, - গৰ্ভগৃহ আৰু অন্তৰালা। মণ্ডপৰ নক্সাখন এতিয়াও পোৱা হোৱা নাই। মন্দিৰৰ গৰ্ভগৃহ আৰু অন্তৰালৰ নক্সা চাৰিওফালে ৬.৩ মিটাৰকৈ আছে। ঠাইখিনিত মন্দিৰৰ ভগ্নাৱশেষৰ অজস্ৰ টুকুৰা আছে। এইবিলাক তিনিখন পূৰাতাত্ত্বিক গেলাৰীত সংৰক্ষণ কৰা আছে, ইয়াৰ ভিতৰত এটা নাগে অলংকৃত কৰি থকা এখন গধুৰ দুৱাৰৰ আকৃতি আৰু ডাঙৰ ডাঙৰ কাণেৰে সৈতে এটা মানুহৰ আকৃতি (গণেশক বুজাবলৈ), অমালকা (শিলৰ অট্টালিকাত থকা এবিধ ডাঙৰ সঁজুলি), শিলত কটা ধনুৰ দৰে আকৃতিৰ জালি ((Lattice), দুৱাৰৰ ফ্ৰেমৰ এটা অংশ, হাতীৰ শুঁৰ অংকিত থকা এটা শিলৰ স্তম্ভৰ নামনি খণ্ড আৰু অন্যান্য। এই স্থানৰ নক্সা কটা এখন দুৱাৰৰ পেনেল আৰু গণেশৰ মূৰ্ত্তি ওচৰতে থকা আধুনিক মন্দিৰটোত সংৰক্ষণ কৰা হৈছে।

(১০) কাকৈজানা পূৰাতাত্ত্বিক স্থান, কাকৈজানা, বঙাইগাঁও জিলা:

মাটিৰ ওপৰত ইটা ওলাই থকাৰ প্ৰমাণ আছে, এটা শিৱলিংগ আৰু যোনিপীঠ এই স্থানত আছে।

  

(১১) বিল্বেশ্বৰ মন্দিৰ, বেলশৰ, নলবাৰী জিলা:           

এটা শিলৰ মন্দিৰৰ গাঁঠনিৰ ওপৰত ইটাৰে এই মন্দিৰটো বনোৱা হৈছে। মন্দিৰ পৰিচালনা কৰিবলৈ আহোম ৰজা শিৱসিংহই ভূমি দান দিয়া শিলালিপি এখন ইয়াত আছে (১৭১৪-১৭৪৪ খ্ৰীষ্টাব্দ)। ইয়াত এটা পুখুৰী আছে আৰু মন্দিৰৰ নক্সা আৰু উন্নতি উত্তৰ ভাৰতীয় ধৰণৰ। মন্দিৰৰ দেৱালৰ বাহিৰ ফালে আধুনিক যুগৰ চিত্ৰশৈলী অংকিত কৰা আছে। মন্দিৰৰ চাৰিওকাষ মাটিৰে পুতি দি ওখ কৰা বাবে গৰ্ভগৃহটো বৰ্তমান পানীৰ তলত আৰু শিৱলিংগ আৰু যোনিপীঠো গোটেই বছৰ জুৰি পানীৰ তলতে থাকে। জনসাধাৰণে পৰম আগ্ৰহেৰে পালন কৰা শিৱৰাত্ৰি আৰু দুৰ্গোত্সৱত মানুহৰ যথেষ্ট ভিৰ হয় বাবে তাৰে সু-বন্দোবস্ত কৰিবলৈ আধুনিক ধৰণৰ মণ্ডপ এখন বনোৱা হৈছে। 

(১২) বালিলেছাৰ কালী মন্দিৰ, বালিলেছা, নলবাৰী জিলা:

ইটাৰে বনোৱা দুটা মন্দিৰৰ ভগ্নাৱশেষ ইয়াত আছে। তাৰে এটাত থকা আহোম যুগৰ কালী গোঁসানীৰ মূৰ্ত্তিটো পৱিত্ৰ বুলি পূজা-অৰ্চনা কৰা হয়। 

(১৩) আমবাৰী পূৰাতাত্ত্বিক স্থান, আমবাৰী, কামৰূপ (মহানগৰ) জিলা: 

আমবাৰীৰ পূৰাতাত্ত্বিক স্থান ১৯৬৮ চনত আৱিস্কাৰ হয়। খনন কাৰ্যত আৱিস্কাৰ হোৱা সম্পদসমূহে এই কথাটো প্ৰতিষ্ঠা কৰে যে প্ৰচানী কামৰূপৰ সংস্কৃতিৰ দ্ৰুত গতিত কৰা উন্নয়নৰ এই ঠাইখিনিও এটা কেন্দ্ৰবিন্দু আছিল। এই স্থানখন বহলভাৱে দুটা যুগৰ প্ৰতিষ্ঠিত স্থান আছিল। ইয়াৰে প্ৰথম ভাগটো খ্ৰীষ্টপূৰ্ব ২০০ বছৰৰ পৰা এখন চহৰীয়া সংস্কৃতিৰ কেন্দ্ৰ হিচাপে আৰু কেই শতিকামানৰ বিৰতিৰ পাছত আনুমানিক ১১০০ খ্ৰীষ্টাব্দৰ পৰা শেহৰ ফাললৈ বিস্তৃত হৈ আছিল। 

ইয়াৰে প্ৰথম ভাগৰ বাচকবনীয়া গাঁঠনিসমূহৰ ভিতৰত হল পোৰা ইটাৰে বনোৱা এটা পুখুৰী, তাৰে পৰা পানী ওলাই যোৱা ন্ৰদমা, ইটাৰে বনোৱা পথ, ইটাৰে গঠা মজিয়া আৰু প্ৰাক্-মধ্যযুগীয়া সময়চোৱাৰ দেৱালৰ গাঁঠনিসমূহ। এই অৱয়বসমূহে উত্তৰফালে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ ইফালে থকা আমবাৰী যে এক সংস্কৃতিৰ স্থান আছিল তাকে সূচায়। মধ্যযুগৰ প্ৰথম ভাগত এই ঠাইখনেই যে কামৰূপীয়া কলা-শিল্পৰ বাবে এক শিলাপলয় আছিল বুলি স্পষ্টভাৱে প্ৰায়েই জনা যায়। 

প্ৰচুৰ ভাস্কৰ্য্য, শিৱ লিংগ, পোৰা মাটিৰ পাত্ৰ, কেয়োলিনৰ পাত্ৰ, তেলৰ চাকি, ভাস্কৰ্য্যসমূহ আৰু লগতে মণি, গহণা আদিৰ আৱিস্কাৰে এইটোকে সূচায় যে শিল্পী, ভাস্কৰসমূহ এই ঠাইতে বসবাস কৰিছিল। ইয়াত আৱিস্কৃত নন্দীৰ বাহনৰ ওপৰত খোদিত নটৰাজৰ মূৰ্ত্তিটো এই দেশত অদ্বিতীয় আৰু ইয়াক স্থানীয় ঢঙত বনোৱা হৈছে।

২০০২-২০০৩ ইটাৰ স্থাপত্যটো বৈজ্ঞানিকভাৱে সংৰক্ষণৰ অৰ্থে অনুমতি পোৱাৰ পাছত এই কথাটো পোৱা গৈছে যে এই স্থাপত্যটো এটা বৰ্গক্ষেত্ৰাকাৰে বাসগৃহ আছিল আৰু উত্তৰ-দক্ষিণ মুৱাকৈ থকা এটা দীঘলীয়া বাটে ইয়াক দুভাগ কৰিছিল। এই বাসগৃহটো এখন উত্তৰ-দক্ষিণ মুৱাকৈ আৰু এখন পুৱা-পশ্চিমাকৈ থকা ইটাৰ দেৱালৰ ভিতৰত বনোৱা আছিল। ইয়াত পোৱা ব্ৰাহ্মণ্য ধৰ্মমতৰ অসংখ্য দেৱ-দেৱীৰ মূৰ্ত্তিৰ লগতে মানুহৰ মৃন্ময় মূৰ্ত্তি ইয়াতে স্থানীয়ভাৱে আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ত বৰ্তমানে সংৰক্ষণ কৰা আছে। পিছৰ যুগৰ গাঁঠনিসমূহ সিমান স্পষ্ট নহয় যদিও চীনামাটিৰ বাচন কিছুমান যেনে- পোৰা মাটিৰ মিহি বাচন, চীনা মাটিৰ বাচন আৰু ফেলেডনৰ বাচনসমূহে এই কথাই প্ৰতীয়নমান কৰে যে এই ঠাইখনেই বোধহয় পৌৰাণিক ফালৰ পৰা সেই সময়লৈ ব্যৱসায়-বাণিজ্যৰ ঘাই কেন্দ্ৰ আছিল। ২০০৮-০৯ চনৰ এই ঠাইত কৰা খনন কাৰ্যত আৱিস্কৃত মৃন্ময় মূৰ্ত্তিৰ ওপৰত মৰামোহৰ আৰু ইটাৰে বনোৱা পুখুৰী পৰা এই প্ৰতীয়মান হৈছে যে এইসমূহ শুঙ্গ-কুশান যুগৰ।

   
  

(১৪) উমানন্দ মন্দিৰ, উমানন্দ, কামৰূপ জিলা: 

ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা উমানন্দ দ্বীপত উমানন্দ মন্দিৰ স্থাপিত। পুৰণি কিম্বদন্তি মতে এই দ্বীপক ভষ্মাচল বুলিও জনা যায়। শুপ্ত যুগৰ পিছৰ ফালৰ এটা শিলৰ মন্দিৰ এই স্থানত দেখা যায়। এই স্থানত আদি মধ্য যুগৰ শিলৰ ভাস্কৰ্য্য আৰু খোদিত মূৰ্ত্তিসমূহ দেখা যায়। গণশৰ শিলৰ মূৰ্ত্তি আৰু এটা গুহাৰ বাহিৰেও এটা চতুৰ্ভূজ, নাৰী মূৰ্ত্তি ইয়াতে দেখা যায়। ব্ৰিটিছবিলাকে ময়ুৰ দ্বীপ বুলি নাম দিয়া এই ঠাই টুকুৰা কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ উত্তৰ ফালে অৱস্থিত। এই নদীদ্বীপত তিনিটা মন্দিৰ আছে। প্ৰথমটো ১৭শ শতিকাৰ শেহৰ ফালে বনোৱা। আন দুটা মন্দিৰ ১৯ শতিকাৰ প্ৰথম ভাগত বনোৱা।

পৌৰাণিক মন্দিৰৰ শিলৰ ভেটিটোৰ ওপৰতে আহোম ৰজা গদাধৰ শিংহই (১৬৮১-১৬৯৬ খ্ৰীষ্টাব্দ) এটা ইটাৰ মন্দিৰ বনাই সেইটো ভগৱান শিৱৰ নামত উচৰ্গা কৰে। আন দুটা ইটাৰে বনোৱা মন্দিৰৰ চন্দ্ৰশেখৰ মন্দিৰটো আহোম ৰজা চন্দ্ৰকান্ত সিংহই ১৮২০ খ্ৰীষ্টাব্দত সজোৱা আৰু সমসাময়িক আনটো হৰ-গৌৰী মন্দিৰটো ৰজা গৌৰীনাথ সিংহই সজোৱা বুলি ভবা হৈছে। এই তিনিওটা মন্দিৰৰ ভিতৰত উমানন্দ মন্দিৰটো আটাইতকৈ পুৰণি আৰু ওখ আৰু ইয়াৰ ভিতৰত এটা খোদিত ৰূপৰ শিৱমূৰ্ত্তিক ইয়াতে পূজা কৰা হয়। 

চন্দ্ৰশেখৰ মন্দিৰটোৰ নক্সাখন অষ্টভূজ আকৃতিৰ আৰু ইয়াতে এটা শিৱলিংগ আছে। গঠনশৈলীৰ ফালৰ পৰা উমানন্দ মন্দিৰটো ৰখাদেউল বৈচিত্ৰ্যৰ পঞ্চৰথ মন্দিৰ কিন্তু ইয়াত কোনো অংগশেখৰ নাই। দুয়োটা মন্দিৰ ইটাৰ দেৱালেৰে আগুৰা। উমানন্দ মন্দিৰৰ বাহৰ্গমনৰ পথতে হৰগৌৰী মন্দিৰটো অৱস্থিত। এইখন এখন সৰু স্মৃতিচিহ্ন থকা তীৰ্থস্থান। নদীৰ বুকুত থকা দ্বীপৰ মাজৰ উমানন্দৰ সৌন্দৰ্য্য অনুপম। গুৱাহাটীত থকা পঞ্চতীৰ্থৰ এখন তীৰ্থস্থান বুলি এই মন্দিৰক কোৱা হয়।

 

   
  

(১৫) চত্ৰাকাৰ মন্দিৰ, উজান বজাৰ, কামৰূপ (ম) জিলা: 

মধ্যযুগৰ পিছৰ ভাগত দেৱোত্তৰ ভূমিৰ ওপৰত স্থাপন কৰা এই মন্দিৰ প্ৰাঙ্গনত শিৱ, বিষ্ণু আৰু মঙ্লচণ্ডীৰ মন্দিৰ তিনিটা আছে। আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত (১৭৯৫-১৮১০) সজোৱা এই চক্ৰাকাৰ দেৱালয় শাক্ত ধৰ্মৰ এখন প্ৰধান পীঠস্থান। মধ্যযুগৰ প্ৰথম ভাগৰ কিছুমান শৈল ভাস্কৰ্য্য এই পীঠস্থানত পোৱা যায়। মধ্য যুগৰ কিছুমান ভাস্কৰ্য্য মন্দিৰৰ দেৱালৰ বাহিৰ ফালে লগোৱা আছে। বংশী গোপালৰ এটা শিলত খোদিত সুন্দৰ মূৰ্ত্তি বিষ্ণু মন্দিৰত পৱিত্ৰভাৱে থোৱা আছে। এই মন্দিৰসমূহ বৰ্তমানে নতুনকৈ সজোৱা হৈছে। উত্তৰফালে থকা ব্ৰহ্মপুত্ৰৰ মুখামুখিকৈ এটা টিলাৰ ওপৰত সজোৱা এই মন্দিৰলৈ ভ্ৰমণকাৰী সকলৰ উপৰিও তীৰ্থযাত্ৰীসকল নিয়মিতভাৱে আহে।

 

   

(১৬) মণিকৰ্ণেশ্বৰ পূৰাতাত্ত্বিক স্থান, উত্তৰ গুৱাহাটী, কামৰূপ জিলা: 

উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাৰত দেৱোত্তৰ ভূমিৰ ওপৰত সজোৱা মণিকৰ্ণেশ্বৰ মন্দিৰটো ব্ৰহ্মপুত্ৰৰ মুখামুখিকৈ আছে। মধ্যযুগৰ পিছৰ ফালে পুৰণি শিলৰ ভেটিৰ ধ্বংসাৱশেষৰ গাঁঠনিৰ ওপৰত ইটাৰে সজা। মূল গাঁঠনিৰ আকাৰ তৰাৰ আকৃতিৰ আৰু বিমানৰ দিশ বাৰটা। শিলৰ মন্দিৰৰ পুৰণি ধ্বংসাৱশেষৰ ভেটিৰ গাঁঠনিৰ ওপৰত মধ্যযুগৰ শেষৰ ফালে ইটাৰে সজাই মন্দিৰটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। মন্দিৰটো বৰ্তমানৰ ধ্বংসপ্ৰাপ্ত হৈছে আৰু শিখৰটোৰ কোনো চিন-মোকাম নাই। পুৰণি কালৰ ভাস্কৰ্য্যসমূহ মন্দিৰৰ দেৱালৰ বাহিৰফালে লগোৱা আছে। ২০০৫ চনত নতুনকৈ সজোৱা মণ্ডপৰ তলৰ ভাগত মাটিৰ সমান্তৰালকৈ ভাস্কৰ্য্যসমূহ লগোৱা আছে আৰু উলম্ব দিশত লতা-পাতৰ দৃষ্টিনন্দন নক্সাসমূহ লগোৱা আছে। 

 

(১৭) কানাই বৰষিবোৱা শিলালিপি, উত্তৰ গুৱাহাটী, কামৰূপ জিলা: 

এই স্থানত তিনিটা শিলত কটা লিপি এটা জ্যামিতিক নক্সা আৰু শিলত কটা এটা গণেশৰ মূৰ্ত্তি আছে। এই শিলালিপিত আগৰখনত ১২০৫ খ্ৰীষ্টাব্দত তুৰ্কীসকলে কামৰূপ আক্ৰমণ কৰা কথা লিপিবদ্ধ কৰা আছে। আন দুখন শিলালিপি ১৭শ খ্ৰীষ্টাব্দৰ আৰু তাতে অসমীয়া সেনা আৰু মোগলৰ যুদ্ধৰ কথা লিপিবদ্ধ হৈ আছে। এই শিলালিপিসমূহৰ প্ৰথমখন কানাই বৰষিবোৱা শিলৰ শিলালিপিখন ঠাইখনৰ পূৱ প্ৰান্তৰ এটা শিলৰ নামনি ভাগত খোদিত হৈ আছে। আন দুখন লিপি ঠাইখনৰ মধ্যভাগত থকা এটা বৃহত্ শিলত খোদিত কৰা আছে। কানাই বৰষিবোৱা শিলৰ আখৰবিলাক অসমীয়া আৰু দেৱনাগৰী আখৰত লিখা আৰু অসমত প্ৰথম অসমীয়া আখৰৰ চানেকী বুলি ধৰা হৈছে। এই নথিৰ তাৰিখসমূহ সংখ্যাৰ দ্বাৰা নহয়, চিহ্নৰ দ্বাৰাহে বুজোৱা হৈছিল-

শাকে তুৰগ-যুগ্মেশে-মধুমাস ত্ৰয়েদশে।
কামৰূপং সমাগত্য তুৰস্কাঃ ক্ষময়াযমু।।।
(১১২৭ শকাব্দত (১২০৫ খ্ৰীষ্টাব্দত) তুৰ্কীবিলাক কামৰূপলৈ সম্পূৰ্ণ নিঃশেষ হৈছিল)

(১৮) অশ্বক্ৰান্ত মন্দিৰ পূৰাতাত্ত্বিক স্থান, উত্তৰ গুৱাহাটী, কামৰূপ জিলা: 

এই স্থানত দেৱোত্তৰ ভূমিৰ ওপৰত দুটা বিষ্ণু মন্দিৰ আৰু দুটা শিলৰ গুহা ব্ৰহ্মপুত্ৰৰ ফালে মুখামুখিকৈ আছে। এই মন্দিৰটোক কুৰ্ম্ম জনাৰ্দন মন্দিৰ আৰু পাহাৰৰ ওপৰত বিষ্ণু মন্দিৰ বোলে।  

আগতে সজা শৈল মন্দিৰৰ গাঁঠনিৰ ওপৰত এই দুয়োটা মন্দিৰ সজা হৈছে। পাহাৰৰ শিখৰত থকা অস্বক্ৰান্ত বা অনন্তশায়ী বিষ্ণু মন্দিৰৰ নক্সাখন ত্ৰিৰথ আৰু ইয়াত এখন মণ্ডপ আছে। এই মন্দিৰৰ দেৱালৰৰ বাহিৰ ফালে বিষ্ণুৰ দশাৱতাৰৰ নক্সাবোৰ আৰু মণ্ডপৰ দেৱালৰ ভিতৰ ফালে আন আন মূৰ্ত্তিসমূহ আছে। অনন্তশায়ী বিষ্ণুৰ মূৰ্ত্তিটো গৰ্ভগৃহৰ ভিতৰত প্ৰতিষ্ঠা কৰা আছে।

 

(১৯) দীৰ্ঘেশ্বৰী দেৱালয়, উত্তৰ গুৱাহাটী, কামৰূপ জিলা: 

এই স্থান শিলত কটা গণেশৰ মূৰ্ত্তি আৰু দীৰ্ঘেশ্বৰী গোঁসানী বা দুৰ্গা গোঁসানী নামত উচৰ্গা কৰা এটা ইটাৰ মন্দিৰৰ বাবে জনাজাত। দীৰ্ঘেশ্বৰী পাহাৰৰ ওপৰত অৱস্থিত দীৰ্ঘেশ্বৰী মন্দিৰটো হৈছে দুৰ্গা দেৱীৰ এখন শক্তিপীঠ। এই ঠাইখনত যে আগতে শিলৰ গাঁঠনি আছিল সেইটো ইয়াত থকা শিলৰ খটখটী এটা বগাই যায় সেই ঠাইখন পাব পাৰি। ঠাইখিনিত বহুবিলাক শিলত কটা মূৰ্ত্তি আছে আৰু শিলত কটা গণেশৰ এটা মূৰ্ত্তি অসমৰ ভিতৰতে অতি বৃহত্ বুলি বিশ্বাস কৰিব পাৰি। এই শিলত কটা মূৰ্ত্তিসমূহ আনুমানিক ১০০০-১১০০ খ্ৰীষ্টাব্দৰ। 

এই স্থানতে আহোম ৰজা শিৱ সিংহই (১৭১৪-১৭৪৪ খ্ৰীষ্টাব্দ) এটা ইটাৰ মন্দিৰ সজাইছিল। এই ঠাইতে যে মন্দিৰটো আছিল তাৰে সাক্ষী হৈছে ইটাৰে সজা তোৰণখন, যত কিছুমান লিপি আছে আৰু ইটাৰে সজা সীমাৰ দেৱালখন দীৰ্ঘেশ্বৰী পৰ্বতখন যিহেতুকে দীঘলীয়া শাৰীৰ পৰ্বত আৰু ইয়াৰ শিলৰ নামনিখণ্ডই ব্ৰহ্মপুত্ৰ নদী চুই আছে, সেইবাবে ইয়াৰ নদীকেন্দ্ৰিক দৃশ্ঠ মনোৰম। মন্দিৰৰ লগতে বাৰ মাহে বৈ থকা এটা নিজৰাই এই স্থানৰ শান্তিময় সৌন্দৰ্য্যত আৰু এটা মাত্ৰা দিছে। 

 

   
   

(২০) চিলাটিঙৰ শিলালিপি, গৌৰীপুৰ, কামৰূপ জিলা: 

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা চিলাটিং পৰ্বতৰ নামনিত এই শিলালিপিখন আছে। লিপিখন আনুমানিক ১৭৩৪ খ্ৰীষ্টাব্দৰ আৰু ই অসমীয়াতে লিখা। এটা গড়খাৱৈৰ খননৰ বিষয়ে ইয়াত লিখা আছে।

 

(২১) ৰুদ্ৰেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটী, কামৰূপ জিলা: 

মধ্যযুগৰ পিছৰচোৱা সময়ত দেৱোত্তৰ ভূমিৰ ওপৰত এই শিৱ মন্দিৰটো সজোৱা, মন্দিৰটোৰ দুটা বেলেগ বেলেগ ধৰণৰ গাঁঠনি আছে, যেনে- বৰ্গক্ষেত্ৰ আকাৰৰ এখন ওখ মঞ্চ আৰু তাৰ ওপৰত মণ্ডপৰ সৈতে এটা মন্দিৰ। মাটিৰ ওপৰৰ নক্সাখন বৰ্গক্ষেত্ৰ আকাৰৰ আৰু তাৰে ভিতৰত প্ৰদক্ষিণ কৰিব পৰাকৈ এটা পদপথ। ওপৰ মহলাত শিখৰটোক আৱৰি ধৰি মন্দিৰক প্ৰদক্ষিণ কৰিব পৰাকৈ এটা মুকলি পদপথ আছে। এই গাঁঠনিটোৱে মোগল যুগৰ কোনো কীৰ্তিস্তম্ভলৈ মনত পেলাই দিয়ে। এই চৌখিন অৱয়বটো প্ৰধানকৈ এটা মন্দিৰ আৰু এটা কীৰ্তিস্তম্ভৰ সংমিশ্ৰণ। মাটিৰ পৰা ওপৰৰ মন্দিৰলৈ যাবলৈ বুলি এটা খটখটি বনাই থোৱা আছে। ওপৰৰ মহলাটো মুকলি ঠাই এটুকুৰাই আগুৰি আছে যাতে মন্দিৰটো প্ৰদক্ষিণ কৰিব পৰা যায়। 

এটা সৰু কীৰ্তিস্তম্ভৰ লগতে মন্দিৰটো থকা অসমত এইটোৱে একমাত্ৰ ভাস্কৰ্য্য। যিয়ে হওক, মন্দিৰৰ শিখৰটো বৰ্তমানে নাই। এই মন্দিৰটো আহোম ৰজা প্ৰমত্ত সিংহই (১৭৪৪-১৭৫১ খ্ৰীষ্টাব্দ) তেওঁৰ পিতৃ ৰজা ৰুদ্ৰ সিংহৰ (১৬৯৬-১৭১৪ খ্ৰীষ্টাব্দ) স্মৃতিত সজাইছিল, কিয়নো ৰজা ৰুদ্ৰ সিংহৰ এই ঠাইতে মুত্যু হৈছিল।

 

(২২) চন্দ্ৰশেখৰ মন্দিৰ, উমানন্দ, কামৰূপ জিলা: 

আহোম ৰজা চন্দ্ৰকান্ত সিংহই আনুমানিক ১৮২০ খ্ৰীষ্টাব্দত এই মন্দিৰটো ইটাৰে সজাইছিল। এইখন এখন ক্ষুদ্ৰ আকৃতিৰ পৱিত্ৰ স্থান। মন্দিৰৰ মাটিৰ নক্সাখন বৰ্গক্ষেত্ৰাকাৰ আৰু মন্দিৰৰ শিখৰটো এটা আঠকোণীয়া গম্বুজ আৰু তাতে আনুভূমিক ঢালাইৰ সাঁচ আছে। উমা-মহেশ্বৰৰ নামত উত্সৰ্গিত মূল মন্দিৰৰ ওচৰতে এই মন্দিৰটো সজা হৈছে। 

 

(২৩) হৰ-গৌৰী মন্দিৰ, উমানন্দ, কামৰূপ জিলা: 

আহোম ৰাজত্ব কালত ইটাৰে বনোৱা এই সৰু আকৃতিৰ মন্দিৰটো উমানন্দ মন্দিৰৰ ওচৰতে দেৱোত্তৰ ভূমিত সজা। এই মন্দিৰটোত দুটা কাৰুকাৰ্য্য খচিত ঢিপ আছে – এটা প্ৰভাগত আনটো বৰত। 

  

(২৪) ন-মঠ, কামাখ্যা, কামৰূপ (ম) জিলা: 

এইটো চতুৰ্ভূজ আকৃতিৰ মৃন্ময় মন্দিৰ, দেৱোত্তৰ ভূমিৰ ওপৰত সজা মাটিৰ ওপৰত নক্সা আৰু ফুলৰ চানেকী খোদাই কৰা। অসমত এতিয়ালৈ পোৱা এইটোৱে মৃন্ময় মন্দিৰ। আহোম ৰজা শিৱ সিংহ (১৭১৪-১৭৪৪ খৃঃ) কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ শিষ্য হোৱাৰ পিছত তেওঁকে কামাখ্যা মন্দিৰ পৰিচালনাৰ ভাৰ অৰ্পণ কৰে। কৃষ্ণৰাম আৰু তেওঁৰ উত্তৰ পুৰুষক পৰ্বতীয়া গোঁসাই নামে জনা যায়, তেওঁলোকক মন্দিৰ পৰিচালনাৰ বাবে বহু মাটি-বাৰী দান দিয়ে। পৰ্বতীয়া সোঁসায়ে নিজৰ অৰ্থে পূজা-পাৰ্বন সম্পন্ন কৰিবলৈ ৰজাই এই মন্দিৰটো সজাই দিয়ে। 

 

(২৫) উমাচলৰ শিলালিপি, নীলাচল পৰ্ব্বত, কামৰূপ (ম) জিলা: 

উমাচল শিলালিপিখন ব্ৰহ্মপুত্ৰ নদীৰ মুখামুখিকৈ নীলাচল পাহাৰৰ উমাচলত আছে। এই শিলালিপিখন ব্ৰাহ্মী লিপিত লিখা এনেকুৱা –  

প্ৰখ্যাত প্ৰভু বলভদ্ৰৰ এই গুহাটো (মন্দিৰ) মহাৰাজাধিৰাজ শ্ৰী সুৰেন্দ্ৰ বৰ্মনে সজায়।

 

(২৬) পাৰ্চিয়ান শিলালিপি, কামাখ্যা কামৰূপ (ম) জিলা: 

কামাখ্যা মন্দিৰলৈ উঠি যোৱা ঐতিহাসিক শিলৰ খটখটিৰ কাষৰ ইটাৰে সজা তোৰণৰ ওচৰত, কামাখ্যা পাহাৰৰ নামনিত পাৰ্চিয়ান শিলালিপি আছে। মধ্যযুগৰ পিছৰ ফালে দুশাৰীত খোদাই কৰা আৰৱিক লিপিৰ খুব চমুকৈ শিলত কটা লিপি। কথাখিনি হল চাৰ-ই-খিজাৰ লব-য়ে-হায়াত। অনুাবদ এনেকুৱা-  

"পথ নথকা বিলাকক পথ দেখুওৱা মহাপুৰুষ জন (ইয়াতে) জীৱিত হৈ আছে।" 

 

(২৭) পিঙ্গলেশ্বৰ পূৰাতাত্ত্বিক স্থান, কৰৰা, কামৰূপ জিলা :

এই স্থানখন দেৱোত্তৰ ভূমিৰ ওপৰত প্ৰতিস্থিত আৰু মধ্যযুগৰ প্ৰথম ভাগত যে ইয়াত এটা শিলৰ মন্দিৰ আছিল তাৰ প্ৰমাণ পোৱা গৈছে। শিলৰ মন্দিৰটোৰ ভেটিৰ ওপৰত এটা আধুনিক মন্দিৰ সজা হৈছে। শিলৰ মন্দিৰৰ ভাস্কৰ্য্য, দুৱাৰৰ কাষৰ টুকুৰা, খুঁটাবিলাকৰ ভগ্নাৱশেষ, খাদ্যমন্ত্ৰীৰ নক্সা, নাচনীৰ নক্সা, পদুম ফুলৰ নক্সা, ৰতিক্ৰিয়াৰ কলা, শিলালিপি আদি ইয়াত পোৱা গৈছে। মন্দিৰৰ প্ৰভাগৰ নক্সাসমূহৰ পৰা এটা কথা বুজিব পাৰি যে পিঙ্গলেশ্বৰৰ মন্দিৰ প্ৰচুৰভাৱে কাৰুকাৰ্য্য খচিত আছিল। অন্যান্য অংগশিখৰৰ বাহিৰেও আটালৰ তলতে লগোৱা মানুহৰ মূৰ্ত্তিসমূহো ইয়াত পোৱা গৈছে। ভাস্কৰ্য্য আৰু মন্দিৰৰ ভগ্নাৱশেষ সমূহেৰে বনোৱা হৈছে। এই কলা বীথিকা আৰু যাদুঘৰ বনোৱা হৈছে। এই মন্দিৰত শিৱলিংগ পূজা কৰা হয় আৰু এই ঠাইত তেওঁক পিংগলেশ্বৰ বুলি ভক্তি কৰা হয়।

  

(২৮)চান্দৰ মেৰঘৰ পূৰাতাত্ত্বিক স্থান, ছয়গাঁও, কামৰূপ জিলা: 

চান্দৰ মেৰঘৰ পূৰাতাত্ত্বিক স্থানত দুটা যুগৰ শিলৰ মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে –এটা ১১শ-১২শ খ্ৰীষ্টাব্দ শতিকাৰ। পুৰণি মন্দিৰটোৰ ভেঁটিৰ ওপৰত বৰ্তমান এটা দেৱী মন্দিৰ সাজি পূজা কৰা হয় আৰু পানীৰ তলত ডুব গৈ থকা এটা ডাঙৰ গোলাকাৰ কুণ্ডত থকা শিৱলিংগত পূজা কৰা হয়। এই স্থানত এটা পুখুৰী আছে।

পূৰাতাত্ত্বিক স্থানত মন্দিৰৰ ভগ্নাৱশেষৰ পৰা সংগ্ৰহ কৰা অংশবিলাকেৰে সেই স্থানত এটা যাদুঘৰ আৰু এখন উদ্যান নিৰ্মাণ কৰা হৈছে। এই সমূহৰ ভিতৰত শিলৰ দুৱাৰৰ ফ্ৰেম, গণেশৰ মূৰ্ত্তি, ৰতি ক্ৰিয়াৰ মূৰ্ত্তিৰ লগতে আন আন শিলৰ অংশসমূহ যেনে- অমলক আৰু আন শিলৰ অংশসমূহ যেনে- পূৰাতাত্ত্বিক সমলসমূহ উল্লেখযোগ্য। কিম্বদন্তি অনুসৰি বৈউলা-লখীন্দৰ আৰু চান্দ সদাগৰৰ লগত এই মেৰঘৰৰ পূৰাতাত্ত্বিক সমলৰ সম্পৰ্ক আছে।.

   

(২৯) সিদ্ধেশ্বৰ মন্দিৰ পূৰাতাত্ত্বিক স্থান, শুৱালকুছি, কামৰূপ জিলা:

শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰটো দেৱোত্তৰ পাহাৰৰ ওপৰত এই শিৱ মন্দিৰটো ইটাৰে সজা হৈছে। মধ্য যুগৰ প্ৰথম ভাগৰ এটা পুৰণা মন্দিৰৰ প্ৰভাগৰ ওপৰত স্বৰ্গদেউ শিৱ সিংহই ১৭২২ খ্ৰীষ্টাব্দত এই মন্দিৰটো সাজে। এই মন্দিৰটোক তিনিওফালে এটা মৰা সূঁতিয়ে আগুৰি আছে আৰু দক্ষিণেদি ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। পূৰাতাত্ত্বিক সাক্ষ্যৰ পৰা আনুমানিক ১১০০ খ্ৰীষ্টাব্দত ইয়াতে যে মধ্যযুগৰ প্ৰথম ভাগত এটা শিলৰ মন্দিৰ আছিল সেই কথাটো জনা গৈছে। মন্দিৰৰ দেৱালৰ বৰ্হিভাগত মন্দিৰৰ সেই সময়ৰ শিলৰ ভাস্কৰ্য্যসমূহ আৰু ভগ্নাৱশেষসমূহ সৌন্দৰ্য বৃদ্ধিৰ বাবে পুনৰ ব্যৱহাৰ কৰা হৈছে। মধ্যযুগৰ প্ৰথম ভাগৰ মন্দিৰৰ ভগ্নাৱশেষ শিলৰ টুকুৰাবিলাকেৰে মন্দিৰলৈ উঠি যোৱা খটখটিটো আহোম ৰজাই মন্দিৰৰ দক্ষিণ ফালেদি নিৰ্মাণ কৰে। মন্দিৰৰ নক্সাখন পঞ্চায়তৰ বুলি আৰু ইয়াৰ কেন্দ্ৰত এটা শিৱলিংগ আছিল বুলি অনুমান কৰা হৈছে। আন আন মূৰ্ত্তিবিলাকৰ ভিতৰত দুৰ্গা, বিষ্ণু আৰু সূৰ্য্যৰ মূৰ্ত্তি মন্দিৰৰ দেৱালত পোৱা গৈছে। তাতে থাকিব লগা গণেশৰ মূৰ্ত্তিটো বৰ্তমান হেৰাইছে। মন্দিৰটোৰ তোৰণখন ইটাৰে সজা আৰু মন্দিৰৰ চৌহদটো পুৰণি ধৰণৰ ইটাৰে আগুৰা।

 

(৩০) মদন কমদেৱ পূৰাতাত্ত্বিক স্থান, বাইহাটা চাৰিআলি, কামৰূপ জিলা:           

স্থানীয়ভাৱে জনাজাত মদন কামদেৱ পাহাৰৰ ওপৰত অৱস্থিত মদন কামদেৱ পূৰাতাত্বিক স্থানত কেইবাটাও শৈল মন্দিৰ সিঁচৰিত হৈ আছে। এই স্থান খন মদনকুৰি নামৰ দক্ষিনলৈ বৈ যোৱা মৰাসূঁতি এটাই আগূৰি আছে। এই ঠাইখিনি স্থানীয় গছ লতাৰে ভৰপুৰ প্ৰাকৃতিকভাৱে সৌন্দৰ্যময় ঠাই। এনেকুৱা গাম্ভীৰ্যপূৰ্ণ অঞ্চলতে এসময়ত সমাজ সংস্কৃতিৰে চহকী মদন কামদেৱ জিলিকি আছিল। পুৰণি কালত এই মদন কামদেৱ মন্দিৰৰ নাম আছিল হৰ গৌৰী কামেশ্বৰ। এই মন্দিৰৰ অধীষ্ঠাতা দেৱতা হৈছে মন্দিৰৰ গৰ্ভগৃহত থকা আলিঙ্গনাবদ্ধ উমা মহেশ্বৰ। এই ঠাইত বহুতো মন্দিৰ আছে, যিবিলাকৰ ভূমি ভাগৰ নক্সা পূৱ পশ্চিম মূৱাকৈ প্ৰতিষ্ঠিত। এই মন্দিৰসমূহ হৈছে গৰ্ভগৃহ আৰু মণ্ডপেৰে সৈতে নমনীয়ভাৱে মাটিৰ ওপৰত সজা তীৰ্থ।

মাটিৰ নক্সাৰ ওপৰত কৰা ঘাই তীৰ্থস্থান হৈছে পঞ্চৰথৰ। ইয়াৰ মণ্ডপ হৈছে চতুৰ্ভূজাকাৰ। মন্দিৰটো বৰ্তমানে ধ্বংসপ্ৰাপ্ত অৱস্থাত, মাত্ৰ ভেঁটিটোহে আছেগৈ। মন্দিৰৰ স্থাপত্যশৈলী কাৰুকাৰ্য্যৰে সমৃদ্ধ আৰু দুৱাৰত থকা ৰতিক্ৰিয়াৰ ভাস্কৰ্য্যসমূহ, মানুহ আৰু জীৱ-জন্তুৰ ভাস্কৰ্য্যসমূহ গৰ্ভগৃহৰ বাহিৰত কীৰ্ত্তিমুখ নামৰ দুৱাৰৰ বাহিৰত খচিত। এই স্থানত, ভাস্কৰ্য্য, গছ-লতাৰ নক্সা আদি মন্দিৰৰ ধ্বংসাৱশেষৰ লগত পোৱা যায়। স্বৰ্গীয় আৰু অৰ্দ্ধ-স্বৰ্গীয় ভাস্কৰ্য্যসমূহ স্থানক আৰু আসন দুয়োটা অৱস্থানতে থকা পোৱা গৈছে। ইয়াত পোৱা অংগশেখৰ, ধ্বজা-স্তম্ভ আৰু আন আন ভাস্কৰ্য্যৰ টুকুৰাসমূহে ইয়াকে প্ৰমাণ কৰে যে এসময়ত যেতিয়া এইবিলাক নভঙাকৈ আছিল, তেতিয়া মন্দিৰটো অতি সৌন্দৰ্য্যশালী আছিল। তিনিখন মুখ থকা স্ত্ৰী মূৰ্ত্তি, শৱৰ ওপৰত বহি থকা ব্ৰাহ্মণীক চাৰিওফালে শিয়াল আৰু আন জন্তুৱে আগুৰি থকা ভাস্কৰ্য্যই ইয়াতে স্থানীয়ভাৱে কৌল কপালিকা তান্ত্ৰিক ধাৰাৰ প্ৰচলন আছিল বুলি প্ৰত্যয় জন্মায়। মন্দিৰৰ গৰ্ভগৃহৰ দুৱাৰৰ বাহিৰৰ ফালে যুগ্ম জীৱনৰ নক্সা কটা আছে। এইবিলাকৰ ধৰণ দেখি এই স্থান আনুষঙ্গিক ১০০০ খ্ৰীষ্টাব্দৰ বুলি কব পাৰি।

  

(৩১) কাৰ্বি স্মাৰক, দক্ষিণ বাস, সোণাপুৰ, কামৰূপ (ম) জিলা:

কাৰ্বি স্মাৰক হৈছে এঠাইতে থকা ভালেকেইটাও বৃহত্ শিলাখণ্ড। কাৰ্বি জনবিশ্বাস মতে পূৰ্বপুৰুষৰ আশীৰ্বাদ লৈ জীৱনত উন্নতি কৰিবলৈ মৃত পূৰ্বপুৰুষক পূজা কৰাৰ বিশ্বাসতে এই শিলবিলাক পোতা হৈছে।

  

(৩২) বশিষ্ঠ মন্দিৰ, গুৱাহাটী, কামৰূপ (ম) জিলা:

আহোম ৰজা ৰাজেশ্বৰ সিংহৰ (১৭৫১-১৭৬৯) ৰাজত্ব কালত আনুমানিক ১৭৬৪ খৃঃত ইটাৰে এই মন্দিৰটো সজোৱা হৈছিল। এই স্থানত যে ১০০০-১১০০ খৃঃত এটা শিলৰ মন্দিৰ আছিল তাৰ প্ৰমাণ পোৱা গৈছে। পুৰণি দিনৰ শৈল মন্দিৰটোৰ ভেঁটিৰ ওপৰতে ইটাৰ মন্দিৰটো সজা হৈছে। এইটো এটা অষ্টভূজী মন্দিৰ আৰু ইয়াৰ শিখৰটো বহুভূজী। মন্দিৰৰ গৰ্ভগৃহটো পানীত ডুব যোৱা আৰু তাতে মহৰ্ষি বশিষ্ঠৰ পদচিহ্ন থকা বুলি বিশ্বাস কৰা হয়, পুৰণি কালত ইয়াতে বশিষ্ঠ মুনিৰ আশ্ৰম আছিল বুলি বিশ্বাস কৰা হয়।

গুৱাহাটী মহানগৰৰ একেবাৰে দক্ষিণ প্ৰান্তত সন্ধ্যাচল নামৰ সৰু পাহাৰৰ ওপৰত বশিষ্ঠ মন্দিৰ অৱস্থিত। ভূ-ৰেখাংকনৰ ফালৰ পৰা চালে এই পাহাৰৰ পৰা তিনিটা নিজৰা বৈ কান্তাৰ সংগমস্থলতে মন্দিৰটো অৱস্থিত। সেই ফালৰ পৰা ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্য্য বিনন্দীয়া।

  

(৩৩) ভৈৰৱেশ্বৰী মন্দিৰ, ৰঙিয়া, কামৰূপ জিলা:

আনুমানিক ১১০০ খৃঃত হৰহৰীয়া জানৰ ওচৰত থকা এটা শৈল মন্দিৰৰ ভগ্নাৱশেষৰ লগত সেই সময়ৰ ভাস্কৰ্য্যসমূহ পোৱা গৈছে। এই স্থানতে থকা ডাঙৰ পুখুৰীটোত পৰিভ্ৰমী চৰাই সময়ে সময়ে আহি থাকে। ভৈৰৱেশ্বৰী মন্দিৰৰ এই ঠাইখন সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে জনাজাত।

(৩৪) নাজিৰাখাত পূৰাতাত্ত্বিক স্থান, সোণাপুৰ, কামৰূপ (ম) জিলা:

নাজিৰাখাট পূৰাতাত্ত্বিক স্থানক বুৰঞ্জীমূলক হিচাপে গণেশ মন্দিৰ বুলি জনা যায়, কাৰণ ইয়াতেই সম্ভৱ ভগৱান গণেশৰ এটা শৈল মন্দিৰ আছিল। এই ঠাইত মধ্যযুগৰ পিছৰচোৱা কালৰ শৈল মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে। কাৰ্চিয়া নদীৰ পাৰত মন্দিৰটো আছিল, এই স্থানত অসংখ্য শিলৰ টুকুৰা আৰু মন্দিৰৰ ভগ্নাৱশেষ আৰু লগতে শিলত কটা দুটা গণেশৰ ভাস্কৰ্য্য পোৱা গৈছে। ভৌগোলিক অৱস্থানৰ ফালৰ পৰা চাবলৈ গলে নাজিৰাখাট পাহাৰ আৰু ভৈয়ামৰ সংমিশ্ৰণ আৰু সেইবাবেই ইয়াৰ সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্য্য বিতোপন।

  

(৩৫) বাঘেশ্বৰী পীঠ, মিৰ্জা, কামৰূপ জিলা:

এই স্থানত শিলত কটা এটা গণেশৰ মূৰ্ত্তি আৰু ১০ম-১১শ খৃঃৰ এটা শিলৰ মন্দিৰৰ ভগ্নাৱশেষ সমূহ আছে।

 

(৩৬) কাজলিচকী পূৰাতাত্ত্বিক স্থান, চন্দ্ৰপুৰ, কামৰূপ (ম) জিলা:

কাজলিচকী হৈছে এখন বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ব্ৰহ্মপুত্ৰ আৰু কলং নৈৰ সংগমস্থলৰ ওচৰত বান্ধ নিৰ্মাণ, দুৰ্গ, নলা আৰু টিলাৰ চিহ্ন আছে, এই সমূহৰ সময় মধ্যযুগৰ বুলি প্ৰতীয়মান হৈছে।

  

(৩৭) বামনৰ ধ্বংসাৱশেষ, বামনগাঁও, দৰং জিলা :           

বামন পূৰাতাত্ত্বিক স্থানখন এটা সৰু টিলাৰ ওপৰত অৱস্থিত; বামন পথাৰৰ মাজেদি বৈ যোৱা এটা মৰসূঁতিৰ মুখামুখিকৈ আছে। ইয়াত মাটিত সপ্তৰথ আকৃতিৰ নক্সা থকা এটা শৈল মন্দিৰৰ ভগ্নাৱশেষ ইয়াত আছে। মন্দিৰৰ গৰ্ভগৃহটো পদুম ফুলৰ আকৃতিৰ আৰু এটা শিলৰ প্ৰণালীৰে সম্পূৰ্ণ হোৱা। ভেঁটিটো সকলোফালে ৫.৭১ মি. জোখৰ আৰু ধৰণটো স্পষ্টভাৱেই দেখনিয়াৰ। গৰ্ভগৃহত থকা মন্দিৰৰ প্ৰণালীটো ইয়াৰ খোলনিটোৰে সৈতে মন্দিৰৰ ভেঁটিৰ সৈতে খাপ খুৱাই দিয়া। পদুম ফুলৰ আকৃতিৰ বৰ্গাকাৰ গৰ্ভগৃহটো ফুলি থকা পদুমৰ আকৃতিৰ। পদুম ফুলৰ আকৃতিৰ বৰ্গাকাৰ গৰ্ভগৃহটো এই কথাটোকে বুজায় যে মন্দিৰটো গোঁসানী দেৱীৰ নামত উচৰ্গা কৰা হৈছিল। বামন পূৰাতাত্ত্বিক স্থানত মণ্ডপটোৰ ওপৰত বৰ্তমান এটা আধুনিক ধৰণৰ মন্দিৰ সজোৱা হৈছে। এই ঠাইত অসংখ্য মন্দিৰৰ ভগ্নাৱশেষ, ভাস্কৰ্য্য, শিখৰৰ পৰা থকা শিলৰ স্তম্ভ ইয়াত পোৱা গৈছে।

 

(৩৮) নাৰিকলিৰ ভগ্নাৱশেষ, খন্দাজান, দৰং জিলা:

ইয়াত এটা শিলৰ মন্দিৰ আছিল, তাৰে ওপৰত এটা নতুনকৈ মন্দিৰ সজা হৈছে।

   
  

(৩৯) ৰুদ্ৰেশ্বৰ দেৱালয়, মাহৰিপাৰা, দৰং জিলা: 

পৱিত্ৰভাৱে পূজা কৰা এটা শিৱলিংগ ইয়াত আছে। ১০ম-১১শ খৃঃ শতিকাৰ। 

(৪০) জলজলি পূৰাতাত্ত্বিক স্থান, জলজলি, দৰং জিলা: 

১০ম-১১শ খৃঃ শতিকাৰ এটা শিলৰ মন্দিৰ ইয়াত পোৱা গৈছে।

 

(৪১) জোৰপুখুৰীৰ ভগ্নাৱশেষ, হাতীগড়, ওদালগুৰি জিলা:           

ইয়াত এটা শৈল মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে। বেছি ভাগ শিলৰ টুকুৰাতেই জ্যামিতিক চিত্ৰ অঁকা আছে, যেন সেইবোৰ মানুহৰ আৰু আন প্ৰাণীৰ ভাস্কৰ্য্যহে। ইয়াত দুটা ডাঙৰ পুখুৰী আছে, যিহৰ বাবে অসমীয়াতে ঠাইখনৰ নাম জোৰপুখুৰী ৰখা হৈছে। এই ঠাইখিনি ১০০x১৪০ মিটাৰ কালিৰ, ইয়াত ১১০০-১২০০ খৃঃৰ টা শিলৰ মন্দিৰ পোৱা গৈছে। ইয়াত পোৱা শিলাখণ্ডৰ বেছিভাগেই মন্দিৰৰ শিলৰ টুকুৰা। ইয়াত কোনো ধৰণৰ ভাস্কৰ্য্য পোৱা হোৱা নাই। মানুহৰ ছবি অঁকা, অংগ শেখৰৰ ছবি থকা এখন দুৱাৰৰ ফলক, স্তম্ভৰ ভঙা মূল আৰু আন আন ভগ্নাৱশেষ সমূহ ইয়াত দেখা গৈছে।

(৪২) তাম্ৰেশ্বৰ পূৰাতাত্ত্বিক স্থান, খৈৰাবাৰী, ওদালগুৰি জিলা:           

তাম্ৰেশ্বৰ পূৰাতাত্ত্বিক স্থানখন এটা ঐতিহাসিক পুখুৰীত থকা এটা বা ততোধিক শিৱ মন্দিৰৰ শিলৰ লগত সংপৃক্ত, ঠাইখিনি ইটা আৰু কংক্ৰিতৰ দেৱালেৰে আগুৰা। শিলৰ কিছু মান ভগ্নাৱশেষ আনন্দ্যসুন্দৰভাৱে খোদিত। এটা গৰ্ভগৃহৰ ভিতৰত এটা শিৱলিংগ ইয়াত পোৱা গৈছে। এই ঠাইখিনিত এখন শিলৰ মজিয়াত ইটাৰে গঁঠা মণ্ডপ থকা বুলি অনুমান হয়। এই ঠাইখিনিত কেইবাটাও ঐতিহাসিক পুখুৰী আছে, যেনে- জবৰা পুখুৰী, পদু পুখুৰী, বগামলা পুখুৰী, ঘণ্টা পুখুৰী, খামা পুখুৰী, থবাইবাৰী পুখুৰী ভেৰভেৰী পুখুৰী, সিন্ধু পুখুৰী, দেৱান পুখুৰী, কোদালধোৱা পুখুৰী, সীতা পুখুৰী আৰু আন কেইবাটাও। এই ঠাইখিনিৰ পূৱ ফালে এসময়ত বৈ যোৱা দুদ্ৰা নদীৰ চিন আছে।

বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰে পৰা এই ঠাইখিনিত বড়ো জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে। তাম্ৰেশ্বৰ শব্দটো থামিশ্বৰ শব্দৰ পৰা অহা যেন লাগে, যাৰ অৰ্থ হৈছে বড়ো ভাষাত তিনিজন ঈশ্বৰ। এই তিনিজন প্ৰধান দেৱতা হৈছে – ৰংৰাচি, গৌহৌৰাচি আৰু মিঠাৰাচি, যি তিনিজন ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ সমপৰ্যায়ৰ। ইয়াত শিলৰ মন্দিৰৰ ভগ্নাৱশেষ, ফুলৰ চানেকী, দুৱাৰৰ অংশ, অমলকা, সমান্তৰালভাৱে খোদিত পদুম ফুল, শিলেৰে গঁঠা গৰ্ভগৃহ আৰু অসংখ্য মন্দিৰৰ ভগ্নাৱশেষ আছে। শিলৰ মন্দিৰৰ ভগ্নাৱশেষসমূহ সংৰক্ষণ কৰিবলৈ ২০০৪-০৫ চনত সেই ঠাইতে এটা যাদুঘৰ সজা হৈছে। ধৰ্মীয় উত্সৱ যেনে- শিৱৰাত্ৰী, বাসন্তী পূজা আৰু বহাগ বিহুৰ সময়ত দেউল উত্সৱ ইয়াত পতা হয়।

(৪৩) চুমেৰী চৌহদৰ ভাস্কৰ্য্য, তেজপুৰ, শোণিতপুৰ জিলা:           

বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা ভাস্কৰ্য্যৰ ভগ্নাৱশেষসমূহ ইয়াত সংৰক্ষণ কৰা আছে। (ভগ্নাৱশেষসমূহ বৰ্তমান কোল পাৰ্কলৈ স্থানান্তৰিত কৰা হৈছে।)

(৪৪) বিশ্বনাথ মন্দিৰ, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ জিলা:

মধ্য যুগৰ ইটাৰে সজা মন্দিৰ এটা ইয়াত আছে। দেৱোত্তৰ ভূমিৰ ওপৰত সজা এই বৰ্গক্ষেত্ৰাকাৰ মন্দিৰটো শিখৰ পৰ্য্যাপ্ত উচ্চ। মন্দিৰটোত মৃন্ময় মূৰ্ত্তিৰ নক্সা খোদাই কৰা। আহোম ৰজা গদাধৰ সিংহই (১৬৮০-১৬৯৬ খৃঃ) এই মন্দিৰটো নিৰ্মাণ কৰিছিল আৰু অসমত আহোমৰ মন্দিৰ নিৰ্মাণ শৈলীৰ প্ৰথম ভাগত আছিল। মন্দিৰৰ পশ্চিমফালে এটা আহল-বহল নামঘৰ সজা হৈছিল। মন্দিৰৰ বৰ্হিভাগত তিনিশাৰী ফলক থকা মৃন্ময়-মূৰ্ত্তিৰ শাৰী আছে। মন্দিৰৰ সমুখ ভাগ শিলেৰে সজা আৰু গছ লতাৰ নক্সা কটা এখন শিলৰ দুৱাৰৰ ফ্ৰেমত তাত লগোৱা আছে। বহাগ বিহুৰ তৃতীয় দিনা বিশ্বনাথ প্ৰবূৰ ধাতু নিৰ্মিত বাহিৰলৈ আনি সমদল কৰি ভৰগাঁৱলৈ লৈ যোৱা হয় আৰু পিছত আকৌ ঘূৰাই অনা হয়। সমদলটো ঘূৰি অহাৰ সময়ত মানুহখিনি দুভাগ ভাগ হয়, এভাগ মহাপ্ৰভূ বিশ্বনাথৰ ফলীয়া আৰু আনভাগ গোঁসানী দেৱীৰ ফলীয়া। মহাপ্ৰভূ গৰ্ভগৃহত প্ৰৱেশ কৰিবলৈ যাওঁতে গোঁসানীৰ ফলীয়া দলটোৱে বাধা দিয়ে। কেইবাবাৰো কাজিয়াপেচাল কৰাৰ পিছতহে মহাপ্ৰবূক মন্দিৰত সোমাবলৈ দিয়া হয়। এই ধৰ্ম্মীয় উত্সৱটো প্ৰতি বছৰে সাৱলীলভাৱে পালন কৰা হয়।

 

(৪৫) খৃষ্টানৰ সমাধি ক্ষেত্ৰ, কলাবাৰী, শোণিতপুৰ জিলা:

তেজপুৰত থকা খৃষ্টানৰ সমধিক্ষেত্ৰক আগতে ইউৰোপীয় আৰু ভাৰতীয় সমাধিক্ষেত্ৰ বুলি জনা গৈছিল। ১৯৭৪ চনত শেষৰজন খৃষ্টান মিছনাৰী ৰেভাৰেণ্ড ফাডাৰ ৱাইল্ডৰ মৃত্যুৰ পিছত এই ঠাইখনক খৃষ্টানৰ সমাধিক্ষেত্ৰ নামাকৰণ কৰা হয়। ইয়াৰ সৰ্বমুঠ ৭৫টা নথিভুক্ত ইউৰোপীয় সমাধি আছে। তাৰে মাত্ৰ ৩৭টাহে বৰ্তমান আছে। তাতে ভাৰতীয়ৰ সমাধিত আছে। ইয়াৰে এটা বিখ্যাত সমাধি ক্ষেত্ৰ হৈছে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ (১৭৯৩-১৮৭১ খৃঃ)ৰ সমাধিটো, যিজনে অসমত চাহ গছ আৱিস্কাৰ কৰিছিল। ১৮২৬ চনৰ ইণ্ডো-বাৰ্মা যুদ্ধত প্ৰাণ আহুতি দিয়া ব্ৰিটিছ আৰু ভাৰতীয় যুঁজাৰুসকলৰ স্মৃতিত এখন যুদ্ধ স্মাৰকো ইয়াত আছে। মেৰী এলিজাবেথৰ সমাধিৰ এপিটাফৰ পৰা এই সমাধি ক্ষেত্ৰখন ১৮২৭ চনৰ বুলি অনুমান কৰিব পাৰি। ১৮২৭ চনত দৰং জিলাৰ সদৰ তেজপুৰলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান তেজপুৰৰ খৃষ্টানৰ সমাধি ক্ষেত্ৰখন অসমত ব্ৰিটিছ প্ৰশাসনৰ এক ঐতিহাসিক দলিল বুলি ধৰা হয়।

(৪৬) বাসুদেৱ দৌল, কলাবাৰী, শোণিতপুৰ জিলা           

বাসুদেৱ দৌলটো আহোম যুগত ইটাৰে সজা হৈছিল। মন্দিৰটো ২০ মিটাৰ ওখ। ভগৱান বসুদেৱৰ ধাতৱ মূৰ্ত্তিক ইয়াত পূজা কৰা হয়। এইটো এটা কলমৰ সৈতে পঞ্চৰথ মন্দিৰ আৰু ইয়াতে পাঁচখন ঘূৰণীয়া থাল আছে। মন্দিৰৰ লগতে এটা পুখুৰী আছে। মন্দিৰৰ ভাগি যোৱা মণ্ডপখন ২০০৫ চনত নতুনকৈ সজা হৈছে। ধৰ্মীয় উত্সৱসমূহৰ উপৰিও প্ৰতি বছৰে বহাগ বিহুৰ সময়ত নৱ্য বৈষ্ণৱসকলে মন্দিৰ প্ৰাঙ্গনত উত্সৱ পালনৰ বাবে গোট খায়। ডেকা আৰু গাভৰুবিলাকে বেলেগ বেলেগ গোটত মুকলিতে নচা মুকলি বিহু এটা বৰ জনপ্ৰিয় আৰু বিশেষ বিহুনাচ ইয়াতেই অনুষ্ঠিত হয়।

(৪৭) গড় দৌল পূৰাতাত্ত্বিক স্থান, কালুগাঁও, শোণিতপুৰ জিলা:           

ইটাৰ গাঁঠনিৰ ধ্বংসাৱশেষ থকা গড়ৰ ভিতৰত থকা এই স্থানেই হল গড় দৌল পূৰাতাত্ত্বিক স্থান। দুটা ঢিপৰ আকৃতিত ইটাৰ গাঁঠনি ইয়াত আছে। এখন ইটাৰে গঁঠা মঞ্চৰ ওপৰত ইটাৰ গাঁঠনিটো আছে। ঠাইখনৰ চাৰিওফালে ২৫০ মিটাৰ দীঘল ইটাৰে গঁঠা গড় আছে। দ’ পৰ্বতীয়া পূৰাতাত্ত্বিক স্থানৰ উত্তৰ ফালে থকা গড় দৌল পূৰাতাত্ত্বিক স্থানখন গুৰুত্বপূৰ্ণ ঠাই।

  

(৪৮) বামনগাঁৱৰ ধ্বংসাৱশেষ, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ জিলা:           

এইখন পূৰাতাত্ত্বিক স্থানত প্ৰাক্-মধ্যযুগৰ এটা ইটাৰে সজা মন্দিৰ থকাৰ উমান পোৱা গৈছে। এই ঠাইত বৰ্তমানে এটা বৈষ্ণৱৰ বাবে নামঘৰ সজা গৈছে। ২০০২-০৩ চনত এই ঠাইত খনন কাৰ্য্য চলোৱা হৈছিল আৰু আনুমানিক ৮০০-৯০০ খৃঃৰ মন্দিৰ থকাটো জনা গৈছে। খনন কাৰ্যৰ যোগেদি পোৱা ইটাৰে সজা ধ্বংসাৱশেষ বিলাকত ভাস্কৰ্য্য আৰু মৃন্ময় মূৰ্ত্তি পোৱা গৈছে। খনন কাৰ্যত পোৱা প্ৰমাণসমূহৰ ভিতৰত ইটাৰ টুকুৰাত অঁকা চৰাইৰ নক্সা, ফুল-পাতৰ নক্সা, মানুহ আৰু আন আন প্ৰাণীৰ নক্সা, সীমাৰ দেৱালৰ কোণত লগোৱা ইটা আৰু আন আন মৃন্ময় কলা সমূহেই প্ৰধান।

 

(৪৯) নন্দীকেশ্বৰ দেৱালয়, জামুগুৰিহাট, শোণিতপুৰ জিলা: 

স্বৰ্গদেউ ৰুদ্ৰ সিংহই (১৬৯৬-১৭১৪ খৃঃ) দেৱোত্তৰ ভূমিৰ ওপৰত ইটাৰে নন্দীকেশ্বৰ দেৱালয় সজায়। পুৰণি শিলৰ মন্দিৰটোৰ শিলৰ ভেঁটিটোৰ ওপৰতে ইটাৰে ৰেখা দেউল আৰহিৰ মন্দিৰ আৰু ভূমিৰ নক্সা ৰথ আকৃতিৰ।গৃহগৰ্ভৰ বৰ্তমানে দৃষ্টিগোচৰ হৈ থকা শিলৰ ভেঁটিটোৰ উচ্চতা ৮ মিটাৰ। মন্দিৰটো পূৱ ফালৰ সীমাইদি ১৭.৫ মিটাৰ দীঘল আৰু উত্তৰ আৰু দক্ষিণ দিশত ৫০ মিটাৰ দীঘল ইটাৰ দেৱালেৰে আগুৰা। ৭০ চেঃমিঃ বহল দেৱালখন ১ মিটাৰ ওখ। মন্দিৰৰ চৌহদত প্ৰাক্-মধ্যযুগৰ শিলৰ মন্দিৰৰ ভগ্নাৱশেষসমূহ পৰি আছে। এইবিলাকৰ ভিতৰত-

(১) শিলৰ দুৱাৰৰ নামনি অংশ,

(২) এটা প্ৰাণীৰ ওপৰত থিয় হৈ থকা এক নাৰী মূৰ্ত্তি,

(৩) বাওঁহাতে গদা লৈ থকা দ্বাৰপালৰ মূৰ্ত্তি।

এই ঠাইত মন্দিৰৰ ভগ্নাৱশেষৰ আন আন টুকুৰা থকাটোও সম্ভৱ। শিলৰ মন্দিৰটোৰ মূল দুৱাৰখন পশ্চিম মুৱাকৈ আছিল। ইয়াৰ মাপটো ১৬০ চেঃমিঃ ওখ আৰু ৬০ মিটাৰ বহল। গৰ্ভগৃহত থকা পীঠত এটা লিংগ আৰু চাৰিটা শিলৰ স্তম্ভ আছে।

মন্দিৰ বৰ্তমান গৃৰ্ভগৃহৰে সৈতে ৬ ফুট ডুবি আছে।

 

(৫০) সূৰ্য্য মূৰ্তি, গল চেপা, শোণিতপুৰ জিলা

এই স্থানত এটা চতুৰ্ভূজ সূৰ্য্য মূৰ্ত্তি ভগ্ন অৱস্থাত আছে। সেই ঠাইতে এখন ছালিৰ তলত ভাস্কৰ্য্যটো সংৰক্ষণ কৰা আছে। ভাস্কৰ্য্যটো ১২০০ খৃঃ মানৰ।

(৫১) শিলালিপি, বুঢ়া মায়ং, মৰিগাঁও জিলা: 

এই ঠাইখন এটা পুৰণি নৈ সূঁতিত অৱস্থিত আৰু মায়ং-কলংমুখ পথত মুখামুখিকৈ থকা এটা শিলৰ ওপৰছোৱাত শিলালিপিখন খোদিত। এই লিপিসমূহৰ ছয় শাৰী আছে বাওঁফালে, পোন্ধৰ শাৰী মাজত আৰু পাঁচ শাৰী সোঁফালে আছে, এনেকুৱাহে লাগে যেন সমান্তৰালভাৱে লিখা তিনিটা লিপিহে। লিপিখন ৩৯৫ ছেঃমিঃ দীঘল আৰু ১১২ ছেঃমিঃ বহল। লিপিসমূহৰ প্ৰতিখনৰ জোখ ক্ৰমে ৮৫ ছেঃমিঃ X ৪৭ ছেঃমিঃ, ৪০ ছেঃমিঃ X ১১২ ছেঃমিঃ আৰু ২৭০ ছেঃমিঃ X ৩০ ছেঃমিঃ। এই লিপিসমূহৰ এতিয়াও পাঠোদ্ধাৰ হোৱা নাই আৰু এইবিলাক সম্ভৱতঃ মধ্যযুগৰ।

  

(৫২) শিলচাং পূৰাতাত্ত্বিক স্থান, শিলচাং, মৰিগাওঁ জিলা:

এই ঠাইত বহুবিলাক আহল-বহল ধৰণৰ শিলৰ চাং আছে। স্থানীয় তিৱা প্ৰধান, গাঁৱৰ মুৰব্বী আৰু ঐতিহাসিক ভাৱে স্বীকৃত আন আন মুৰব্বীসকল বহা পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয়। এইবিলাকে অসমৰ তিৱা জনগোষ্ঠীৰ অপৰিৱৰ্ত্তনীয় সাংস্কৃতিক স্তৰৰ কথাকে সূচায়। এই স্থানখনেই পৰম্পৰাগতভাৱে দেওৰজা, সেনাপতিম, ডেকাৰজা, ভআই তৌমজি, মন্ত্ৰদাতা, দেউৰী, লখীপুৰীয়া আৰু চাওদাং বহা ঠাই। অন্ততঃ খলাৰ ৰজাৰ ১২টা পুৰুষে আজিলৈকে তিৱাসকলৰ সামাজিক, ৰাজনৈতিক জনগোষ্ঠীয় জীৱনক ইয়াৰ পৰাই শাসন কৰি আছে।

 

(৫৩) মঠৰবৰী পূৰাতাত্ত্বিক স্থান, বাৰপূজীয়া, নগাঁও জিলা:

মঠৰবৰী পূৰাতাত্ত্বিক স্থানত এটা শিলৰ মন্দিৰৰ ভগ্নাৱশেষ আছে। বহু দিনৰ আগতে ইয়াতে এখন পৱিত্ৰ স্থান আছিল। মন্দিৰৰ ভগ্নাৱশেষবিলাক আনুমানিক ১০০০ খৃষ্টাব্দৰ। এই স্থানত এটা পুখুৰী আছে।

  

(৫৪) ৰাজবাৰীৰ মন্দিৰসমূহ, ৰাজবাৰী, নগাঁও জিলা:

ৰাজবাৰী মন্দিৰসমূহৰ পূৰাতাত্ত্বিক স্থান বুলিলে ইটাৰে ঘেৰি থোৱা অন্ততঃ নটা শিৱ মন্দিৰকে বুজায়। এই মন্দিৰবিলাক সাজোতে শিল আৰু ইটা দুয়োবিধকে ব্যৱহাৰ কৰা হৈছিল। ঘন ঘনকৈ থকা এই মন্দিৰসমূহৰ গাঁঠনিয়ে এই ঠাই খণ্ডত নটা মন্দিৰৰ সমষ্টিকে বুজায়। ইয়াৰে তিনিটা মন্দিৰ ইটাৰে সজা যদিও দুৱাৰৰ ফ্ৰেম, স্তম্ভৰ মূল আৰু স্তম্ভ শিলেৰে সজা। এই তিনিটা ইটাৰ মন্দিৰৰ ভূমি ভাগত খনন কাৰ্য্য চলোৱা হৈছিল আৰু ২০০৩-০৪ আৰু ২০০৫-০৬ চনৰ পৰা সংৰক্ষিত অৱস্থাত আছে। ইয়াৰে দুটা মন্দিৰৰ ওপৰত আধুনিক আৰ্হিৰ দুটা মন্দিৰৰ গৰ্ভগৃহৰ ওপৰত মন্দিৰ সাজি তাতে যোনিপীঠ আৰু উমা-মহেশ্বৰক পূজা কৰি থকা হৈছে। আনটো মন্দিৰৰ গৰ্ভগৃহটো শিলেৰে সজা। ঠাইখনত অসংখ্য মন্দিৰৰ ভগ্নাৱশেষ আছে, আৰু এইবোৰক ১১শ খৃষ্টাব্দ শতিকাৰ বুলি কব পাৰি।

   
  

(৫৫) শংখদেৱী পূৰাতাত্ত্বিক স্থান, যোগীজান, নগাঁও জিলা:

শংখদেৱী পূৰাতাত্ত্বিক স্থানখন কপিলী নদীৰ এটা সৰু জান যোগীজানৰ পাৰত থকা ভালেসংখ্যক মন্দিৰৰ সমষ্টি। ঠাইখিনিত তিনিটা ঢিপত তিনিটা শৈল মন্দিৰৰ ভগ্নাৱশেষ আছে। এইবিলাকৰ ভিতৰত এটাৰ খনন কাৰ্য কৰা হৈছে আৰু দুৰ্গা দেৱীৰ নামত উত্সৰ্গিত এটা মন্দিৰৰ ভগ্নাৱশেষ আৱিস্কাৰ কৰা হৈছে। এই ভগ্নাৱশেষসমূহৰ ভিতৰত এখন শিলৰ দুৱাৰৰ ওপৰৰ পাৰ্শ্বভাগৰ মধ্যভাগত দুৰ্গা দেৱীৰ মূৰ্ত্তি খোদিত কৰা আছে। এই ঠাইত দুৱাৰৰ পাৰ্শ্বভাগৰ, খোদিত স্তম্ভ আৰু অসংখ্য আন আন ভগ্নাৱশেষ পোৱা গৈছে। চাৰিওফালে শিলৰ মন্দিৰৰ ভগ্নাৱশেষ সিঁচৰিত হৈ পৰি আছে। আন দুটা ঢিপত খনন কাৰ্য্য চলোৱা হোৱা নাই। এই ঠাইখনৰ পৰা নদীৰ পাৰলৈ থকা শিলৰ খটখটিয়ে আগতে যে নদীৰেহে এই ঠাইলৈ আহ-যাহ কৰা হৈছিল, তাকেহে সূচায়।

   

(৫৬) মহাদেওশাল পূৰাতাত্ত্বিক স্থান, মহাদেওশাল, নগাঁও জিলা:

মহাদেওশাল পূৰাতাত্ত্বিক স্থানখন আনুমানিক ১০০০ খৃঃৰ এটা শিলৰ মন্দিৰৰ ভগ্নাৱশেষ। নদীৰ মুখত থকা ঐতিহাসিক স্থানৰ কথাই এই স্থানখনে দেখুৱাইছে। বৃহত্ পুখুৰী, গছ, এসময়ত মন্দিৰ সাজিবলৈ ব্যৱহাৰ কৰা অসংখ্য শিলৰ টুকুৰা এই স্থানত পৰি আছে। মন্দিৰৰ দুৱাৰৰ ফ্ৰেমৰ দৰে কিছুমান সঁজুলি বৰ ডাঙৰ। আধুনিক পূজাস্থলীত বিষ্ণুৰ দশাৱতাৰ মূৰ্ত্তি খোদিত এটা শিলাস্তম্ভ আছে। এসময়ত ইয়াতে থকা মন্দিৰটো যে বৃহত্ আকাৰৰ আছিল, ই তাকে সূচায়।

   

(৫৭) খাৱৈমাৰী পূৰাতাত্ত্বিক স্থান, কামপূৰ, নগাঁও জিলা:

আনুমানিক ১১০০ খৃঃৰ এটা শৈল মন্দিৰৰ ভগ্নাৱশেষ ইয়াত পোৱা গৈছে। শিলৰ স্থাপত্যশৈলীৰ পৰা এইটো শিৱ মন্দিৰ বুলি জনা যায়।

  

(৫৮) হাতীমূৰা মন্দিৰ, জখলাবন্ধা, নগাঁও জিলা:

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গধুৰ শিলৰ ভেঁটি থকা পাহাৰৰ ওপৰত হাতীমূৰা মন্দিৰ অৱস্থিত। এই ঠাইত মাটিৰ ওপৰত ওলাই থকা শিল প্ৰচুৰভাৱে পোৱা যায়। এনেকুৱা এটা শিলতে গণেশৰ মূৰ্ত্তি এটা খোদাই কৰা আছে। আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহই (১৭৪৪-১৭৫১ খৃঃ) হাতীমূৰা পৰ্বতৰ ওপৰত ইটাৰে সজা মন্দিৰত শিলত কটা দশভূজা দুৰ্গা মূৰ্ত্তি এটা পোৱা গৈছে। ঠাইখিনি ব্ৰহ্মপুত্ৰ নদীয়ে তিনিওফালে আগুৰি থকা বাবে ইয়াৰ দৃশ্য দৃষ্টিনন্দন। একাষৰীয়াকৈ আগুৰি থকা বাবে উত্সৱ পাৰ্বনৰ সময়ত ইয়াতে ভ্ৰমণকাৰীৰ ভিৰ লাগে।

 

(৫৯) ন-নাথ পূৰাতাত্ত্বিক স্থান, কেন্দুগুৰি, নগাঁও জিলা:           

ৰাজবাৰী আৰু শংখ দেৱী পূৰাতাত্ত্বিক স্থানৰ পশ্চিমে এটা পুৰণা পানীৰ নলাৰ ওচৰত আছে। এই ঠাইখিনিত আঠোটা ইয়াৰে বন্ধা মন্দিৰ দুশাৰীত এটাৰ মুখামুখিকৈ আন এটা আছে। মন্দিৰৰ গাঠনিত শিলৰ খুটা, ভেঁটি, দুৱাৰৰ ফ্ৰেম, দুৱাৰৰ চিল, শিৱ লিংগ আৰু যোনীপিঠ আছে।

এই শাৰী ইটাৰে বনোৱা মন্দিৰ অসমত এইবাবেই একক যে দেৱালৰ বাহিৰ ফালে সমান্তৰালভাৱে মৃন্ময় মূৰ্ত্তিসমূহ লগাই থোৱা আছে। ইয়াত প্ৰদৰ্শন কৰা মূৰ্ত্তিসমূহৰ ভিতৰত প্ৰাকৃতিক দৃশ্য, দেৱ-দেৱীৰ মূৰ্ত্তি, মানুহ আৰু প্ৰাণীৰ মূৰ্ত্তি, ফুলৰ নক্সা, জনতাৰ জীৱন ধাৰণৰ নক্সা আৰু আন আন যিবিলাক মন্দিৰৰ ইটাৰ দেৱালৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ন-নাথ পূৰাতাত্ত্বিক স্থানত মন্দিৰৰ দেৱালৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা এনে কাৰুকাৰ্য্যই গুপ্ত যুগত মন্দিৰৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে কৰা কলা সুলভ কৰ্মৰাজিলৈ মনত পেলাই দিয়ে। ইয়াৰ ধৰণসমূহ বিবেচনা কৰিলে এই ন-নাথ পূৰাতাত্ত্বিক সমলসমূহ আনুমানিক ৮০০ খৃঃৰ বুলি কব পাৰি। এই আঠোটা শিৱ মন্দিৰৰ লগত কেন্দুগুৰিৰ ওচৰতে থকা আন এটা মন্দিৰকে ধৰি সৰ্বমুঠ নটা মন্দিৰ থকা বাবে এই স্থানৰ নাম ন-নাথ ৰখা হৈছে।

   

(৬০) মৌডঙাৰ ধ্বংসাৱশেষ, মৌডঙা, নগাঁও জিলা: 

এটা মন্দিৰৰ ভগ্নাৱশেষ, কাৰুকাৰ্য্য খচিত শিলৰ টুকুৰা আৰু স্বৰ্গীয় দৃশ্যৰ চিত্ৰসমূহ ইয়াত পোৱা গৈছে।

 

(৬১) ৱাৰিগাদেং পূৰাতাত্ত্বিক স্থান, নগাঁও জিলা:

এই স্থানত অসংখ্য ইটাৰে সজা ভাস্কৰ্য্য সমূহ আছে।

  

(৬২) শিৱপুৰৰ ধ্বংসাৱশেষ, শিৱপুৰ, নগাঁও জিলা:

দুটা শিলৰ মন্দিৰৰ ধ্বংসাৱশেষসমূহ ঢিপৰ আকৃতিত আছে।

 (৬৩) গছতল পূৰাতাত্ত্বিক স্থান, ডবকা, নগাঁও জিলা:

গছতল পূৰাতাত্ত্বিক স্থানত ভগৱান শিৱৰ নামত উত্সৰ্গিত দুটা শিলৰ মন্দিৰ আছে। তাতে অন্ততঃ চাৰিখন দুৱাৰৰ সৈতে গৰ্ভগৃহ আৰু মণ্ডপৰ অৱস্থিতি পোৱা গৈছে। দুৱাৰৰ লিনটেল আৰু পাৰ্শ্বত খোদিত নক্সাসমূহ হৈছে গণেশৰ মূৰ্ত্তি, পূজকসকলৰ মূৰ্ত্তি, সোঁ হাতত জপমালা আৰু বাওঁহাতত ত্ৰিশূল লৈ থকা শিৱৰ মূৰ্ত্তি পানীৰ পাত্ৰ, হাতী, ফুল, এজোপা গছৰ সমস্ত পাত, প্ৰাণী, মেৰ খাই থকা সৰ্প আৰু অমলকৰ ওপৰত থকা পাত্ৰ ইয়াত পোৱা গৈছে। সেৱাইত ধৰণৰ চৰিত্ৰৰ যেনে-শূল আৰু পাশ হাতত থকা দ্বাৰৰক্ষীৰ মূৰ্ত্তি লক্ষণীয়। এই সকলোবিলাক আহিলাই ১০ম-১১শ খৃঃত যে শিলৰ মন্দিৰটো উন্নত আছিল সেই প্ৰমাণ দাঙি ধৰে। আনুমানিক ১২০০-১৩০০ খৃঃৰ এখন শিলালিপি এই স্থানত উদ্ধাৰ হৈছে।

  

(৬৪) মিকিৰ আটি পূৰাতাত্ত্বিক স্থান, ডবকা, নগাঁও জিলা:

মিকিৰ আটি পূৰাতাত্ত্বিক স্থানত অন্ততঃ দহোটা ইটাৰ ঢিপত দহোটা ইটাৰ মন্দিৰৰ ভগ্নাৱশেষ আছে। ২০০৫-০৬ চনত সঞ্চালকালয়ে খনন কাৰ্য্য চলোৱা এটা ইটাৰ ঢিপৰ পৰ ইটাৰে সজা মন্দিৰৰ ভেটিত এটা প্ৰণালী পোৱা গৈছে। ইয়াৰ তাৰিখ আনুমানিক ৭০০-৮০০ খৃঃ। আন আন ইটাৰ ঢিপসমূহৰ খনন কাৰ্য্য এতিয়াও হোৱা নাই।

এই ঠাইখিনিত এটা শিলৰ মন্দিৰ থকাৰ প্ৰমাণ আছে। মিকিৰ আটিৰ শিলৰ ভাস্কৰ্য্য আৰু মন্দিৰৰ ভগ্নাৱশেষ ভাৰতীয় ধ্ৰুপদী কলাৰ লগত সংস্পৰ্শ থকাৰ কথা উনুকিয়ই দিয়ে। স্থানীয় সাংস্কৃতিক বিশ্বাস এই কলা-শিল্পক দৃঢ়ভাৱে প্ৰকাশ কৰিছে। এটা মন্দিৰৰ ভেটিত এখন মণ্ডপৰ লগতে গৰ্ভগৃহত লিংগ আৰু যোনিপীঠ পোৱা গৈছে। এই প্ৰমাণসমূহে ১০ম-১১শ খৃঃত শিলৰ মন্দিৰ উন্নয়নৰ কথাটোকে আঙুলিয়াই দিয়ে।

 

(৬৫) আকাশীগঙ্গা পূৰাতাত্ত্বিক স্থান, পাৰখোৱা, নগাঁও জিলা:

আকাশীগঙ্গা পূৰাতাত্ত্বিক স্থানত তিনিটা মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে। আকাশীগঙ্গা হৈছে জানৰ পাৰত অৱস্থিত চাৰিওফালে হাবিৰে আগুৰা এখন শিলাময় ঠাই। স্থানীয়ভাৱে আকাশীগঙ্গা বুলি কোৱা এটা জলপ্ৰপাতে ঠাইখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে আৰু এই জলপ্ৰপাতে মন্দিৰৰ ভগ্নাৱশেষসমূহক চিত্ৰৰ দৰে কৰি তুলিছে। শিলৰ মন্দিৰৰ বহুখিনি ভগ্নাৱশেষ ওচৰতে স্থাপন কৰা এখন পূৰাতাত্ত্বিক উদ্যানলৈ স্থানান্তৰ কৰা হৈছে। অসংখ্য ভগ্নাৱশেষৰ উপৰিও মন্দিৰৰ খোদিত ভগ্নাৱশেষ, শিলৰ স্তম্ভৰ টুকুৰা, তাৰে কিছুমানত খোদাই কৰা আছে, অমলক, দুৱাৰৰ ফ্ৰেম, দুৱাৰৰ চিল আৰু দুৱাৰৰ পাৰ্শ্ব, স্তম্ভমূল, সমান্তৰাল পদুমৰ দল আৰু মন্দিৰৰ অঙ্গশিখৰ আদি পোৱা গৈছে। গণৰ মূৰ্ত্তি, নৃত্যৰত গণৰ মূৰ্ত্তি আৰু ফলৰ নক্সাও ইয়াত পোৱা গৈছে। এই ধ্বংসাৱশেষসমূহে ইয়াতে যে এসময়ত এটা ষিৱ মন্দিৰ আছিল, তাকে প্ৰতীয়মান কৰে। ইয়াৰ অদ্বিতীয় প্ৰাকৃতিক সৌন্দৰ্য্য, পাহাৰৰ দৃশ্যৰাজি আৰু অৰণ্যই মানুহক আকৰ্ষণ কৰে আৰু যুগে যুগে এই ঠাইখিনি মানুহৰ বিনোদনৰ কেন্দ্ৰ হৈ আছে।

  

(৬৬) কেন্দুগুৰি পূৰাতাত্ত্বিক স্থান, কেন্দুগুৰি, নগাঁও জিলা:

এই ঠাইত শিলৰ আৰু ইটাৰ টুকুৰাৰ ভগ্নাৱশেষ এটা ঢিপৰ আকৃতিৰ হৈ আছে, ইয়ে এই ঠাইত এটা ইটাৰ মন্দিৰ থকা কথা সূচায়। ঠাইখিনি এতিয়াও মুকলি কৰা হোৱা নাই।

(৬৭) দেৱাস্থান পূৰাতাত্ত্বিক স্থান, দেৱাস্থান, নগাঁও জিলা:

দেৱাস্থান পূৰাতাত্ত্বিক স্থানত অন্ততঃ নটা ঢিপত নটা ইটাৰ মন্দিৰ থকা কথাটো সূচায়। ইয়াত পোৱা ভগ্নাৱশেষৰ ভিতৰত শিলৰ মন্দিৰৰ ভগ্নাৱশেষ, দুৱাৰৰ পাৰ্শ্ব, লিনটেল, শিৱলিঙ্গ আৰু যোনিপীঠ পোৱা গৈছে। শিলৰ মন্দিৰৰ ভগ্নাৱশেষে এটা কথা দেখুৱাই যে মন্দিৰ সাজোতে ইটা আৰু শিল দুয়োবিধ ব্যৱহাৰ কৰা হৈছিল। খনন কাৰ্য চলোৱা এটা ইটাৰ ঢিপত শিৱলিঙ্গ আৰু যোনিপীঠ আৰু আনটোত এটা গৰ্ভগৃহ পোৱা গৈছে। কিছুমান দেৱ-দেৱীৰ মূৰ্ত্তি সেই ঠাইতে সজা এটা যাদুঘৰত সংৰক্ষিত অৱস্থাত আছে, এই ঠাইতে এটা পুখুৰীও আছে।

  

(৬৮) আমতলা পূৰাতাত্ত্বিক স্থান, হোজাই, নগাঁও জিলা:

ইয়াত এটা শিলৰ মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে, যিটোৰ সময় আনুমানিক ৯ম-১০ম খৃঃৰ। ঠাইখনৰ পূৱ আৰু পশ্চিমফালে দুটা ঐতিহাসিক পুখুৰী আছে। ২০১২-১৩ চনত অসমৰ পূৰাতাত্ত্বিক সঞ্চালকালয়ে এই ঠাইত খনন কাৰ্য্য চলাইছিল আৰু বৰ্তমানৰ শিৱমন্দিৰৰ উত্তৰ-পূৱ ফালে ১০X১৩ মিটাৰ জোখৰ এটা ইটাৰে বনোৱা মন্দিৰৰ ভেটি পাইছিল। আকৌ পশ্চিম ফালৰ পুখুৰীত চলোৱা খনন কাৰ্য্যত শিলৰ খটখটি, এটা ইটাৰ বান্ধ আৰু এখন মজিয়া আৱিস্কাৰ হৈছে।

  

(৬৯) গোঁসাইজুৰি পূৰাতাত্ত্বিক, ডবকা, নগাঁও জিলা:

এই ঠাইত ইটা আৰু শিলৰ মন্দিৰৰ ভগ্নাৱশেষ আৰু বিষ্ণুৰ মূৰ্ত্তি এটা আছে।

  
  

(৭০) বুন্দুৰা পূৰাতাত্ত্বিক স্থান, কামপুৰ, নগাঁও জিলা:

আনুমানিক ১০ম-১১শ খৃষ্টাব্দৰ এটা শিলৰ মন্দিৰৰ ভগ্নাৱশেষ ইয়াত পোৱা গৈছে।

(৭১) বসুন্ধৰী পূৰাতাত্ত্বিক স্থান, বসুন্ধৰী, নগাঁও জিলা:

এই ঠইত গণেশৰ শিলত কটা মূৰ্ত্তি এটা আছে।

 

(৭২) মাঘনোৱা মন্দিৰ, নাৰায়ণপুৰ, উত্তৰ লখিমপুৰ জিলা:

পিছলা নদীৰ পাৰত মাঘনোৱা মন্দিৰ আছে। স্বৰ্গদেউ প্ৰতাপ সিংহৰ (আনুমানিক ১৬০৩-১৬৪১ খৃঃ) ৰাজত্ব কালত বনোৱা এই মন্দিৰটোৱে গাঁঠনি শৈলী আৰু সাজ-সজ্জ্বাৰ দিশত সুন্দৰ সমতা ৰক্ষা কৰিছে। এই মন্দিৰটো অষ্টভূজ নক্সাৰ আৰু ইয়াৰ মণ্ডপখন চতুৰ্ভূজ আকৃতিৰ। বাৰান্দাৰ বাহিৰ ফালে দেৱালত চাৰিপহীয়া সম্পূৰ্ণ প্ৰস্ফুটিত পদুম ফুলৰ এটা শাৰী আৰু দেৱ-দেৱীৰ মূৰ্ত্তি আৰু মৃন্ময় মূৰ্ত্তি খটোৱা দেৱকোষ্ঠৰ এখন ফলক আছে। এইবিলাক আহোম যুগত অসমত কলা আৰু শিল্পশৈলীৰ উন্নতিকে বুজায়। মন্দিৰৰ প্ৰৱেশদ্বাৰত এখন বাটচ’ৰা আছে আৰু চাৰিওফালে এখন ইটাৰ দেৱাল আছে।

(৭৩) বাঘৰ চুকৰ দৌল, ঢকুৱাখনা, উত্তৰ লখিমপুৰ জিলা : 

বাঘৰ চুকৰ দৌল হৈছে অষ্টভূজাকাৰৰ ইটাৰে সজা এটা সৰু মন্দিৰ, চুতীয়াসকলে এই মন্দিৰটো সাজিছিল। আঠখন ংথিয় দেৱাল এখন মসৃণ বাৰান্দাত লগ হৈ ত্ৰিভূজ আকৃতিৰে ওপৰৰ ফালে মুখ কৰি গৈ এটা শিখৰত শেষ হৈছে। মন্দিৰটো মোটামুটিভাৱে ৩.৫০ মিটাৰ ওখ আৰু দুৱাৰখনৰ জোখ ৬০ ছেঃমিঃ X ৬০ ছেঃমিঃ। দুৱাৰ আৰু গৰ্ভগৃহৰ আকৃতিটোৱে বুজায় যে ইয়াত মাত্ৰ দেৱমূৰ্ত্তি প্ৰতিষ্ঠা কৰি পূজা কৰিবলৈহে ব্যৱহাৰ কৰা হৈছিল। মন্দিৰৰ ওচৰত ধৰ্মীয় কাম-কাজ সম্পন্ন কৰিবলৈ পোৰা ইটাৰে সজা এখন বেদী আছে। এই গাঁঠনিসমূহ মধ্যযুগৰ পিছৰছোৱা সময়ত চুতীয়াসকলে সাজিছিল।

(৭৪) গোঁসাই পুখুৰী ধ্বংসাৱশেষ, লালুক, উত্তৰ লখিমপুৰ জিলা:

নক্সা অঁকা ভগ্নাৱশেষ আৰু কিছুমান মূৰ্ত্তিৰ পৰা ইয়াতে এটা শিলৰ মন্দিৰ থকা কথা জনা যায়। মন্দিৰৰ কিছুমান ভগ্নাৱশেষৰ লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আৰু লালুকৰ গড়কাপ্তানি বিভাগৰ জিৰণী ঘৰলৈ স্থানান্তৰ কৰা হৈছে। এই ঠাইত এটা পুখুৰী আছে আৰু স্থানীয় নৱনগৰ ক্লাৱত মন্দিৰৰ কিছুমান ভগ্নাৱশেষ সংৰক্ষণ কৰা আছে।

(৭৫) ঘুগুহা দৌল, ধেমাজি, ধেমাজি জিলা:           

ঘুগুহা দৌল আহোম যুগৰ ইটাৰে সজা মন্দিৰ। আহোম ৰজা শিৱ সিংহই (১৭১৪-৪৪ খৃঃ) অম্বিকা দেৱীৰ নামত ১৮০০ খৃঃৰ প্ৰথম ভাগত সজাইছিল। মন্দিৰটো ইটাৰ দেৱালেৰে চাৰিওফালে আগুৰা আৰু দুটা গড়ে আগুৰি থকা। ইয়াত কেইবাটাও পুখুৰী-মন্দিৰৰ লগত সংলগ্ন হৈ আছে। পশ্চিম ধেমাজি কলেজ, পশ্চিম ধেমাজি হাইস্কুল আৰু পশ্চিম ধেমাজি ছোৱালী হাইস্কুল কেইখন এই মন্দিৰৰ মাটিতে আছে। এটা গৰ্ভগৃহ আৰু মণ্ডপ থকা ই এটা সৰু মন্দিৰ।

   

(৭৬) দেওঁপৰ্ব্বত পৰ্ব্বত পূৰাতাত্ত্বিক স্থান, নুমলীগড়, গোলাঘাট জিলা: 

এই ঠাইত বৃহত্ মজিয়াৰ ওপৰত থকা শিলৰ মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে। দুয়োখন হাতত মালা আৰু আলোৱান লৈ থকা ত্ৰৈমাসিক বিদ্যাধৰৰ মূৰ্ত্তি খোদিত এটা পদুম ফুলৰ নক্সা কটা শিলৰ চিলিং এখন এই মন্দিৰত আছে। ইয়াত পোৱা প্ৰাক্-কেম্ব্ৰিয়ান যুগৰ মিহি শিলত সুষমভাৱে কটা নক্সাবিলাকে গুপ্ত যুগৰ কথাই সোঁৱৰাই দিয়ে।

এটা বৃহত্ দুৱাৰৰ ফ্ৰেমত গছপাতৰ মাজৰ পৰা তলমুৱাকৈ থকা ফুলৰ পাহী, বৃহত্ ফুটা থকা পত্ৰকুণ্ডলা আৰু মূৰত মমুকুট পৰিহিতা দ্বাৰৰক্ষী নাৰীৰ ভাস্কৰ্য্য যিটো গছ-লতা আৰু প্ৰাণীসমূহে আগুৰি ধৰি আছে –এইবিলাক এই ঠাইৰ উল্লেখযোগ্য আৱিস্কাৰ।

এইবিলাকৰ উপৰিও কীৰ্ত্তিমুখ, কাল-মকৰ, ৰামায়ণ, মহাভাৰত, ভাগৱত, পুৰাণ আদিৰ ঘটনাসমূহৰ ভাস্কৰ্য্য শৈলীয়ে স্থানীয়ভাৱে সৃষ্টি কলা-শৈলীয়ে ১১০০-১২০০ খৃঃত দেওঁপৰ্ব্বতত উত্কৰ্ষ সাধন কৰিছিল।

দেওঁপৰ্ব্বতৰ ওচৰত আৰ্লংপিৰা নামৰ ঠাইত ভাস্কৰসকলৰ শিক্ষা প্ৰতিষ্ঠান আছিল, যিটো সেই ঠাইত মন্দিৰৰ ভেঁটিত নমুনা হিচাপে টনা এডাল ৰেখাই সূচায়। এই কথাটোৰ পৰা এই ঠাইতে স্থানীয়ভাৱে মন্দিৰ সজা আৰু কলাশৈলীৰ প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ উমান পোৱা যায়।

  

(৭৭) ১নং দুবৰণী পূৰাতাত্ত্বিক স্থান, বৰপথাৰ, গোলাঘাট জিলা: 

ইটাৰে সজা মন্দিৰৰ ভগ্নাৱশেষৰ এই ঠাইত সংৰক্ষণ কৰা হৈছে। এই ঠাইত ইটাৰে সজা মন্দিৰৰ ভগ্নাৱশেষৰ ঢিপ আছে। তাৰে তিনিটাৰ খনন কাৰ্য্য সম্পূৰ্ণ হৈছে। কোনো ভাস্কৰ্য্যৰ গাঁঠনিৰ মজিয়া, চাৰিওফালে ১০ মিটাৰ দীঘল এটা বৰ্গক্ষেত্ৰাকাৰ মন্দিৰ ভেঁটি, তাত এখন বাহিৰৰ আৰু এখন ভিতৰৰ দেৱাল আৰু কেন্দ্ৰভাগত থকা এটা গৰ্ভগৃহ আৱিস্কাৰ হৈছে। আনটো ঢিপত ইটাৰে সজা মন্দিৰৰ ভেঁটিত এটা গৰ্ভগৃহ আৰু তাত থকা এটা শিৱলিংগ, এটা শিলৰ ওপৰত থকা অৰ্দ্ধগোলাকাৰ বস্তু আৰু তাত ধ্বজা স্তম্ভ পোৱা গৈছে। এখন অৰ্দ্ধমণ্ডপ আৰু এখন তোৰণ বা প্ৰৱেশদ্বাৰৰ প্ৰদৰ্শনৰ লগতে মন্দিৰৰ বাহিৰৰ দেৱালখন আৱিস্কাৰ হৈছে।

১নং দুবৰণী পূৰাতাত্ত্বিক স্থানত পোৱা ইটাৰ মন্দিৰৰ ভগ্নাৱশেষৰ নমুনাটো গুপ্ত যুগৰ স্থাপত্যশৈলীৰ সদৃশকৈ স্থানীয়ভাৱে উন্নত কৰা স্থাপত্য যেন লাগে। মন্দিৰৰ চিধা আৰু পোন দুৱাৰৰ নক্সাত শিখৰ নথকা কিন্তু পোন দুৱাৰৰ নক্সাত শিখৰ নথকা কিন্তু এখন বহল ছাল থকা (এই ক্ষেত্ৰত খেৰৰ) –গুপ্ত যুগৰ স্থাপত্য শৈলীৰ দৰে।

 

(৭৮) আলিছিগা টেঙানি পূৰাতাত্ত্বিক স্থান, বৰপথাৰ, গোলাঘাট জিলা: 

আলিছিগা টেঙানি পূৰাতাত্ত্বিক স্থআন এটা শক্তিশালী স্থাপত্য। মাটিৰ নক্সাখন বৰ্গাক্ষেত্ৰাকাৰ। পুৰণি ভাৰতত শিল্পশাস্ত্ৰৰ মতে এই ক্ষেত্ৰখন সেতুবন্ধ হিচাপে উন্নত কৰা হৈছিল। পূৱ আৰু পশ্চিম ফাল দুটাৰ দুৱাৰ দুখন বাদ দি চাৰিওফালে পানীৰ নলা থকা আৰু মাজত ইটাৰে এটা বান্ধ দিয়াৰ প্ৰমাণ পোৱা গৈছে, এই ঠাইৰ ওচৰতে এটা সৰু বান্ধ থকাৰ প্ৰমাণ পোৱা গৈছে। কিছুমান নলাৰে ধনশ্ৰী নদীৰ লগত সংযোগ স্থাপন কৰি এই ঠাইখিনিক এটা পোতাশ্ৰয় হিচাপে উন্নত কৰা হৈছিল। এই কথাটোৱেই এসময়ত যে ৰাজ পৃষ্ঠপোষকতাত এই ঠাইখিনিত বেহাবেপাৰৰ কেন্দ্ৰ আছিল তাকেই সূচায়। বসুন্ধৰা বৰ্মনৰ এখন মাটিৰ খোদিত ফলি আৰু ৰত্ন বৰ্মনৰ নাম থকা মানুহৰ মভৰিৰ খোজৰ ছাপ থকা এখন শিলৰ ফলি ইয়াত পোৱা গৈছে। এই দুয়োখনৰ কথা ব্ৰাহ্মী আখৰেৰে খোদিত আৰু আনুমানিক ৪০০-৫০০ খৃঃৰ।

(৭৯) বাহাদুৰ গাঁওবুঢ়াৰ কবৰ, যোৰহাট চহৰ, যোৰহাট জিলা

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত বাহাদুৰ গাঁওবুঢ়াই দেহে-কেহে খাটিছিল, ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধৰ এই স্বাধীনতা সেনানীজনৰ কবৰটো যোৰহাট চহৰলৈ যোৱা বাটত পোৱা যায়।

(৮০) ন-পুখুৰী শিৱ দৌল, ৰুদ্ৰেশ্বৰ, শিৱসাগৰ জিলা:           

ন-পুখুৰী শিৱ মন্দিৰৰ কাষতে ন-পুখুৰীটো অৱস্থিত। স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত (১৭৬৯-১৭৮০ খৃঃ) এই পুখুৰীটো খন্দা হয় আৰু গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৪ খৃঃ) ৰাজত্ব কালত ইয়াক উত্সৰ্গ কৰা হয়।

 

(৮১) বিষ্ণু দৌল, নামতি, শিৱসাগৰ জিলা:

স্বৰ্গদেউ গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৪ খৃঃ) ৰাজত্ব কালত নামতিয়াল ভাগতী বৰবৰুৱাই ১৭৭৫ খৃঃত ইটাৰে সজা মন্দিৰটো এই ঠাইতে আছে। মন্দিৰৰ শিখৰটো সমভূমিক আৰু উলম্ব ৰেখাৰে কাৰুকাৰ্য খচিত। এই ৰেখাবিলাকে বিভিন্ন কোণত ছেদ কৰি অলংকাৰিক দৃশ্য সৃষ্টি কৰিছে। মন্দিৰৰ দেৱালবিলাকত স্থানীয় অসমীয়া শৈলীৰ নক্সা আছে। এখন ইটাৰ দেৱালে মন্দিৰটো আগুৰি আছে।

 

(৮২) দেৱী দৌল, নামতি, শিৱসাগৰ জিলা:

স্বৰ্গদেউ গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৪ খৃঃ) ৰাজত্ব কালত নামতিয়াল ভাগতী বৰৰবৰুৱাই ১৭৭৫ খৃঃত ইটাৰে সজা মন্দিৰটো এই ঠাইত আছে। এই মন্দিৰৰ শিখৰটো উলম্ভ ৰেখাৰে কাৰ্যকাৰ্য্য খচিত আৰু মন্দিৰৰ দেৱালবিলাক অসমীয়া ঘৰৰ আৰ্হিৰে কাঠৰ ফলক লগোৱা। মন্দিৰৰ দেৱালত পদুম ফুলৰ মৃন্ময় ভাস্কৰ্য্য লগোৱা।

 

(৮৩) শ-ধোৱা পুখুৰী, চ্যুকাফা নগৰ, শিৱসাগৰ জিলা:           

চৰাইদেউত অৱস্থিত মৈদামৰ লগত শ-ধোৱা পুখুৰীৰ সম্পৰ্ক আছে। আক্ষৰিক অৰ্থত শ-ধোৱা মানে মৈদামত থোৱাৰ আগত মৰা শৱটো ধৰ্মীয় নীতি-নিয়ম মানি ধুই লোৱা। এই নীতি-নিয়ম মানি অসমত প্ৰচলন থকাৰ কথাটো এই পুখুৰীটোৱে সাক্ষী দিয়ে, গতিকে ঐতিহাসিক ভাৱে এই কথাটো বিশেষ তাত্পৰ্যপূৰ্ণ।

(৮৪) ফাকুৱা দৌল, জয়সাগৰ, শিৱসাগৰ জিলা:           

স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ (১৬৯৬-১৭১৪ খৃঃ) ৰাজত্ব কালত সজা এই ইটাৰ মন্দিৰটো ইয়াতে আছে। এইটো এটা অষ্টভুজী নক্সাৰ আৰু ইয়াৰ কেন্দ্ৰীয় উচ্চতালৈ খটখটি বনোৱা আছে আৰু আঠোটা কোণাতে ভেটি সমানত আঠোটা অঙ্গশেখৰ আছে। ওপৰলৈ গৈ থকা খটখটিবিলাক ক্ৰমাত্ ওপৰলৈ জোঙা হৈ গৈছে আৰু একেবাৰে ওপৰত এখন চেপেটা মজিয়াত লাগিছেগৈ। এই গাঁঠনিটোত চাৰিওদিশত চাৰিটা প্ৰধান খটখটি ভূমিৰ পৰা গাঁঠনিৰ শীৰ্ষলৈ গৈছে, যত এটা মন্দিৰ সজা আছে। মেক্সিকোৰ য়ুকাটান উপ-দ্বীপত ৬০০ খৃঃত থকা মায়া সভ্যতাৰ চিচেন ইটজাৰ খলপা খলপে থকা গাঁঠনি শৈলীৰ দৰেকৈ এই মন্দিৰটোও পিৰামিডৰ আৰ্হিৰে তেনেকৈ সজা গৈছে। ইয়াৰ দেখনিয়াৰ গাঁঠনিটো দক্ষিণ-পূৱ এছিয়াৰ পূব জাভাৰ বৰবুডুৰ মন্দিৰৰ লগত সাদৃশ্য আছে।

 

(৮৫) হৰ-গৌৰী মন্দিৰ, জয়সাগৰ, শিৱসাগৰ জিলা:

আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ (১৭৫১-১৭৬৯ খৃঃ) ৰাজত্ব কালত এই ইটাৰ মন্দিৰটো সজা হয়। এইটো এটা সৰু দুছলীয়া মন্দিৰ। এই মন্দিৰটোৰ জাক-জমকতা উভৈনদী বাহিৰৰ দেৱালখনৰ ওপৰৰ অংশটোত ফুল-পাতৰ নক্সা আছে।

দেৱালবিলাকৰ নক্সা অসমীয়া ঘৰৰ কাঠৰ ফলকৰ দৰে। স্থাপত্যশৈলীৰ বাহিৰফালে থকা খুঁটাবিলাক অসমীয়া ঘৰৰ খুটাৰ আৰ্হিৰ। ইয়াৰ কাৰণ এইটোৱে হব পাৰে যে এই মন্দিৰটো প্ৰথমতে কাঠ-বাঁহেৰে সজা আছিল আৰু পিছত ইটাৰে সজা হয়।

   

(৮৬) গৰখীয়া দৌল, নাজিৰা, শিৱসাগৰ জিলা:

আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহৰ (১৬০৩-১৬৪৮ খৃঃ) ৰাজত্ব কালত গৰখীয়া দৌলটো ইটাৰে সজা হৈছিল। আহোমসকলে সজা প্ৰথম ভাগৰ মন্দিৰৰ ভিতৰত এইটোও এটা আছিল। মন্দিৰটো সৰু আৰু অষ্টভূজ আকৃতিৰ আৰু শিখৰটো মুজুৰা আছিল। মাই দৌল বা মহেশ্বৰ ঘৰ বা পূজা শিল বুলিও জনাজাত এই গৰখীয়া দৌলটো আহোমসকলে দৌল সজা কলা-কৌশলৰ উন্নয়নৰ প্ৰথম ভাগৰ আছিল। এই স্থাপত্যটোৰ বাহিৰৰ ফালৰ দেৱাল বাহিৰ ফালে দুশাৰী দেৱকোষ্ঠ লগোৱা আছে। মন্দিৰটোৰ গঠনশৈলী সাধাৰণ ধৰণৰ।

 

(৮৭) বৰপাত্ৰ গোঁহাই দৌল পুখুৰী পূৰাতাত্ত্বিক স্থান, বেতবাৰী, শিৱসাগৰ জিলা: 

আহোম ৰজা ৰুদ্ৰ সিংহৰ (আনুমানিক ১৬৯৬-১৭১৪ খৃঃ) ৰাজত্ব কালত, ৰাজমন্ত্ৰী কেন্দুগুৰীয়া বৰপাত্ৰ গোঁহাইৰ বংশধৰ চেংকেং বৰপাত্ৰ গোঁহায়ে কেন্দুগুৰিত পুখুৰী এটা খন্দায়। তেওঁ আকৌ আগবাঢ়ি গৈ পুখুৰীৰ উত্তৰ পাৰে শিৱ দৌল, বিষ্ণু দৌল আৰু দেৱী দৌল সজায়। এইকেইটাই ঐতিহাসিক বৰপাত্ৰ গোঁহাই দৌল।

 

(৮৮) পিয়লি ফুকনৰ দৌল, গেলেকী, শিৱসাগৰ জিলা:

এই ঠাইত ইটাৰে সজোৱা শিৱ আৰু বিষ্ণু মন্দিৰ দুটা এই ঠাইৰ বাসিন্দা ঐতিহাসিক ৰঙাচিলা দুৱৰাৰ বংশই সজা, যিটো বংশত শ্বহীদ পিয়লি ফুকনৰ জন্ম হৈছিল। এই মন্দিৰটো ইটাৰে সজা দেৱাল এখনে আগুৰি আছিল আৰু সম্ভৱতঃ ইয়াত এখন তোৰণো আছিল। যিয়ে হওক, বৰ্তমানে তাত এটা মন্দিৰহে আছে। মন্দিৰটোত পুৰণি কালৰ ভালেখিনিও শিলৰ ভাস্কৰ্য্য আছে।

 

(৮৯) থাওৰা দৌল, ৰাজমাই, শিৱসাগৰ জিলা:

ইটাৰ কাৰুকাৰ্য্য খচিত এই মন্দিৰটো আহোম ৰজা গদাধৰ সিংহৰ (১৬৮১-১৬৯৬ খৃঃ) ৰাজত্ব কালত আতন বুঢ়া দিহিঙীয়া বৰবৰুৱাই সজায়। ইয়াত থাওৰা মন্দিৰৰ লগতে আহোমৰ ৰাজত্ব কালৰ প্ৰথম ভাগত খন্দা পুখুৰী এটা আছে।

  

(৯০) বিষ্ণু দৌল, কালুগাঁও, শিৱসাগৰ জিলা:

শিৱ সিংহৰ ৰাজত্ব কালত (১৭১৪-১৭৪৪ খৃঃ) ৰাণী ফুলেশ্বৰীৰ এজন ভায়েক হৰিনাথ বৰপাত্ৰই এই ইটাৰ মন্দিৰটো সজায়। দশাৱতাৰ মূৰ্ত্তি খোদিত শিলৰ ভাস্কৰ্য্যসমূহ এই মন্দিৰৰ দেৱকোষ্ঠত সজোৱা আছে।

(৯১) জগদ্ধাত্ৰী দৌল, কালুগাঁও, শিৱসাগৰ জিলা:           

শিৱ সিংহৰ ৰাজত্ব কালত (১৭১৪-১৭৪৪ খৃঃ) ৰাণী ফুলেশ্বৰীৰ এজন ভায়েক হৰিনাথ বৰপাত্ৰই ইটাৰে জগদ্ধাত্ৰী দৌলটো সজায়। আহোম যুগৰ এইটো এটা শাক্ত মন্দিৰ আৰু ইয়াৰ দেৱকোষ্ঠ বহুবিলাক ভাস্কৰ্য্য সোমাই থোৱা আছে।

 

(৯২) বৰপাত্ৰ পুখুৰী, কালুগাঁও, শিৱসাগৰ জিলা:

আহোমৰ যুগত আহোম ৰাণী অম্বিকা দেৱীয়ে এই ৰাজকীয় পুখুৰীটো খন্দাইছিল। জগদ্ধাত্ৰী মন্দিৰৰ স্থানত এই পুখুৰীটো আছে।

(৯৩) পিয়লি ফুকনৰ ফাঁচী দিয়া ঠাই, শিৱসাগৰ, শিৱসাগৰ জিলা:           

বদন বৰফুকনৰ পুতেক পিয়লি ফুকনক এই ঠাইতে ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ উত্তৰ-পূৱ কোণত ১৮৩০ খৃঃত ব্ৰিটিছ শাসকে ৰাজহুৱাভাৱে ফাঁচী দিছিল। এখন স্মৃতি উদ্যান আৰু এটা স্মৃতি স্তম্ভ এই দেশপ্ৰেমিকজনৰ নামত ইয়াতে স্থাপন কৰা হৈছে। ব্ৰিটিছ শাসনৰ সময়চোৱাত তেঁৱেই প্ৰথম শ্বহীদ হৈছিল।

(৯৪) চৰাইদেউ মৈদাম, চ্যুকাফা নগৰ, শিৱসাগৰ জিলা: 

মৰাণ আৰু বৰাহীসকলৰ পৱিত্ৰ স্থান –এই চৰাইদেউয়ে আহোম ৰজাসকলৰ স্মৃতি বহন কৰি আছে। আহোমৰ প্ৰথম ৰজা চ্যুকাফাই ১২৫৩ খৃঃত ইয়াতে স্থায়ী ৰাজধানী নিৰ্মান কৰিছিল আৰু ৰজা ত্যও খামতি (১৩৮০-১৩৮৯ খৃঃ) লৈ সেই ঠাইতে আছিল। চৰাইদেউ অঞ্চলটো তিনিটা প্ৰধান ভাগত ভগাব পাৰি, ৰাজধানী অঞ্চল, মৈদাম অঞ্চল আৰু পৱিত্ৰ অঞ্চল। যদিও ৰাজধানী অঞ্চলত বৰ্তমান কোনো ধৰণৰ স্থাপত্যৰ চিন-চাব নাই, কিন্তু এতিয়াও মৈদাম আৰু পৱিত্ৰ অঞ্চলত সেইবিলাক দেখা পোৱা যায়। এই কথাটো ঠিক যে আহোম ৰাজ-পৰিয়াল আৰু উচ্চখাপৰ বিষয়াসকলক আহোম নীতি-নিয়ম মতে ইয়াতে কবৰ দিয়া হৈছিল। বৰ্তমান অৱস্থাত তথ্য আৰু তথ্য সম্বলিত নথিৰ অভাৱত যদিও কোটো কাৰ মৈদাম আছিল তাক জনা নাযায়। তথাপি কিছুমান বিশেষ মৈদামে শাসক ৰজা আৰু তেওঁৰ সঙ্গী বা সঙ্গিনীৰ মৈদাম বুলি নিৰ্দেশ দিয়ে।

চৰাইদেউ পূৰাতাত্ত্বিক স্থান হৈছে আহোম ৰজাৰ পৱিত্ৰ অন্তিম শয়নৰ স্থান। এই ঠাইখণ্ড শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ শিৱসাগৰ সোণাৰী পথৰ দাঁতিত অৱস্থিত।

কবৰৰ ঢিপটোক মৈদাম বুলি কোৱা হয় ঠাইখিনিত ৭৫০ বিঘা মাটি আছে ৩৫০০ মিঃ(প্ৰায়) ব্যাসাৰ্দ্ধৰ। মৈদামৰ উন্নয়নৰ বাবে পৰ্য্যটকৰ বাবে এটা মাচুল ধাৰ্য্য কৰা হৈছে আৰু অকৰ্ত্তৃত্বশীলভাৱে মাটি কটা বন্ধ কৰিবলৈ সম্পূৰ্ণ ইটাৰ বেৰ দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে।

 

(৯৫) বগী দৌল, মেটেকা, শিৱসাগৰ জিলা:

এই ঠাইত স্বৰ্গদেউ লক্ষ্মী সিংহই (আনুমানিক ১৭৪৪-৫১ খৃঃ) সজোৱা ইটাৰ মন্দিৰৰ ভেটিৰ ভগ্নাৱশেষ পোৱা গৈছে। মন্দিৰটো ইটাৰে সজা শিৱ মন্দিৰ আছিল। ১৮৯৭ খৃঃৰ ভূঁইকপত মন্দিৰটো ভাগি পৰিছিল আৰু শিখৰৰ কিছু অংশ এই মন্দিৰৰ লগতে থকা ঐতিহাসিক পুখুৰী এটাৰ পাৰত পৰি আছে।

(৯৬) গোলাঘৰ, গড়গাঁও, শিৱসাগৰ জিলা

এইটো আহোম যুগৰ এটা খাৰ-বাৰুদৰ ঘৰ। এসয়ত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আছিল আৰু আহোম শাসকসকলে এই সৌধটোকে অস্ত্ৰ-শস্ত্ৰৰ ভঁড়াল হিচাপে ব্যৱহাৰ কৰিছিল।

 

(৯৭) লাংকুৰি দৌল, দৌল বাগান, শিৱসাগৰ জিলা: 

গদাধৰ সিংহৰ ৰ্জাত্ব কালৰ এটা শিৱ মন্দিৰৰ ভগ্নাৱশেষ এই স্থানত আছে। 

(৯৮) দৰিকা শিলৰ সাঁকো, শিমলুগুৰি, শিৱসাগৰ জিলা:

দৰিকা নদীৰ ওপৰত দৰিকা শিলৰ সাঁকোখন সজা হৈছিল। দলংখন চাৰিটা খুঁটাৰ ওপৰত আছে। খুঁটাবিলাকৰ গাঁঠনিটো মিহি কৰা। দলংখনৰ ওপৰৰ পিঠিখন সামান্য ভাঁজ থকা আৰু তাতে ৫টা ধেনুভিৰীয়া চাপ থকা। দলঙৰ নিম্ন অংশত থকা খুঁটাৰ ওচৰৰ অংশটো পাতল লাকৰি ইটা আৰু চূণ-চুৰ্কীৰে সজা। দলংখন বহলে ১২ ফুট ১৩ ইঞ্চি, দীঘলে ১০৯ ফুট, ২ ইঞ্চি আৰু ওখ ১৮ ফুট ৫ ইঞ্চি। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত (আনুমানিক ১৬০৩-৪১ খৃঃ) এই দলংখন সজা হৈছিল।

 

(৯৯) কেন্দুগুৰি শিল সাঁকো, কেন্দুগুৰি, শিৱসাগৰ জিলা:

কেন্দুগুৰি শিল সাঁকোখন কেন্দুগুৰিত দিজৈকোণা নদীৰ ওপৰত সজা। দলংখন দুটা খুঁটাৰ ওপৰত থিয় হৈ আছে। দলঙৰ খুঁটাবিলাক মিহি শিলাখণ্ডৰে বনোৱা। দলঙৰ ওপৰ ফালটো সামান্য ভাঁজ লগা আৰু তাতে তিনিটা ধেনুভিৰীয়া চাপ পাতল লাকৰি ইটা আৰু চুন-চুৰ্কীৰে খুঁটাৰ ওচৰত স্থাপন কৰা হৈছে। দলংখন ১৩ ফুট ইঞ্চি বহল, দীঘলে ৭৮ ফুট ৫ ইঞ্চি আৰু ওখই ১৫ ফুট ৫ ইঞ্চি।

(১০০) বৰবৰুৱা মৈদাম, লাকুৱা, শিৱসাগৰ জিলা:

মধ্যযুগত বৰবৰুৱা এজন বিষয়া আছিল আৰু অসমৰ পূৱ খণ্ডৰ অৰ্থাত্ কলিয়াবৰৰ পৰা পূৱলৈ থকা ঠাইখণ্ডৰ আহোম ৰাজৰ ৰাজ্যপাল আছিল।

(১০১) ভজো যুদ্ধ স্মাৰক, সোণাৰি, শিৱসাগৰ জিলা:

মধ্যযুগত এই ঠাইখিনি গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ বাবে আহোমসকলে ব্যৱহাৰ কৰিছিল। ঠাইখিনিত ১২৯ বিঘামান মাটি আছে। এই ঠাইখিনিত মানুহে বনোৱা অসংখ্য মাটিৰ ঢিপ ৯০-১০০ ছেঃমিঃ দূৰে দূৰে আছে। এই ঢিপবিলাকৰ উচ্চতা ১.১০ মিটাৰৰ পৰা ম১.২০ মিটাৰৰ ভিতৰত। এই ঠাইত ট্ৰেন্সৰ দৰে কিছুমান খালৰ চিহ্নও পোৱা গৈছে।

(১০২) গড়গাঁও গড়, নাজিৰা, শিৱসাগৰ জিলা: 

আহোম ৰজা চুক্লেংমুং (আনুমানিক ১৫৩৯-১৫৫১ খৃঃ) বা গড়গঞা ৰজাই আনুমানিক ১৫৪০ খৃঃত গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল। তেওঁ নগৰখনক চাৰিওফালৰ পৰা শক্তিশালী কৰি তুলিবলৈ চাৰিওফালে মাটিৰে গড় বান্ধিছিল আৰু বিদেশী আক্ৰমণকাৰীক বাধা দিব পৰাকৈ নৰ্দমা খান্দিছিল। গড়গাঁও চহৰত সোমাবলৈ চাৰিখন দুৱাৰ আছিল। চহৰখনৰ আকৃতি প্ৰায় আয়তাকাৰ।

(১০৩) ৰাইদঙীয়া দৌল, কলা খোৱা, ডিব্ৰুগড় জিলা:

আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহৰ (১৭৪৪-১৭৫১ খৃঃ) ৰাজত্ব কালত ইটাৰে সজা ৰাইদঙীয়া দৌলটৌ দেৱী মন্দিৰ আছিল।

 

(১০৪) মৈৰামৰা দৌল, খামতিঘাট, ডিব্ৰুগড় জিলা:

মৈৰামৰা দৌলৰ ভগ্নাৱশেষ দিহিং নৈৰ পাৰৰ খামতিঘাটত আছে। বেলেগ বেলেগ ভঙ্গীমাত থকা শিলৰ ভাস্কৰ্য্যসমূহ মধ্যযুগৰ প্ৰথম আৰু শেষ ভাগৰ বুলি ঠাৱৰ কৰা হৈছে। ভাস্কৰ্য্যসমূহ স্থানীয় গুণমানবিশিষ্ট।

 

(১০৫) বেজৰ দৌল, ডিমৌ, ডিব্ৰুগড় জিলা:

ইয়াতে ইটাৰে সজা মন্দিৰ এটাত অষ্টভূজ আকৃতিৰ গৰ্ভগৃহ আৰু তাৰে লগত ঠেক অন্তৰালা এটা আছে, আহোম ৰাজত্বৰ মধ্যযুগৰ শেষ ভাগৰ বুলি ঠাৱৰ কৰা হৈছে। আহোম ৰাজ্যৰ এজন ৰাজবৈদ্য (বেজ) যিজন চুং খেলৰ আছিল, তেওঁ ৰাজপৰিয়াললৈ আগবঢ়োৱা উত্তম চিকিত্সাৰ বাবে বেজৰ পৰা বেজবৰুৱালৈ উত্তম চিকিত্সা হৈছিল। তেওঁ আহোম ৰজাৰ পৰা প্ৰচুৰ মাটি-বাৰী পাইছিল, বৰ্তমানৰ বেজৰ পথাৰেই সেই ঠাইখণ্ড, তাতে তেওঁ বেজৰ দৌলটো সজাইছিল।

(১০৬) বৰগঙ্গা শিলালিপি, ডকমকা, কাৰ্বি আংলং জিলা:

কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা ৩ কিলোমিটাৰ দক্ষিণে বৰগঙ্গা গাঁৱত বৰগঙ্গা পূৰাতাত্বিক স্থান অৱস্থিত। ইয়াতে এটা আহল বহল মন্দিৰত তিনিটা স্থাপত্য পোৱা গৈছে- গৰ্ভগৃহ, অৰ্দ্ধমণ্ডপ আৰু এটা মণ্ডপ ইয়াত আছে। গৰ্ভগৃহটো শিলেৰে সজা আনহাতে মুখ-মণ্ডপ আৰু মণ্ডপখন ইটাৰে সজা। আনহাতে, একে লেঠাৰিয়ে শিল, শিলত কটা ভাস্কৰ্য্য আৰু ইটাৰ ভগ্নাৱশেষ পোৱা গৈছে।

এই ঠাইৰ এটা শিলত চাৰি শাৰীত এখন লিপি পোৱা গৈছে। লিপিখনৰ পৰা আনুমানিক ৬০০ খৃঃত ভূতি বৰ্মনৰ ৰাজত্ব কালত তাত এখন আশ্ৰম আছিল বুলি জনা গৈছে। এই ঠাইত পোৱা ভাস্কৰ্য্যসমূহৰ ভিতৰত দ্বাৰপাল, দুৱাৰৰ ফ্ৰেম, এটা গজব্যাল, বাদ্যযন্ত্ৰ বজাই থকা এটা মানুহৰ ভাস্কৰ্য্যই প্ৰধান। এইবিলাক আনুমানিক ১১০০ খৃঃৰ।

(১০৭) চাৰ্থে ৰংফাৰ গাঁৱৰ ভগ্নাৱশেষ, ফুলনি, কাৰ্বি আংলং জিলা: 

চাৰ্থে ৰংফাৰ গাঁওখন পুখুৰী বান্ধ আৰু নলাৰে সৈতে মজবুত ধৰণৰ গাঁও আছিল বুলি প্ৰমাণ আছে। এই স্থানত এটা ডাঙৰ শিলৰ মন্দিৰ আছিল বুলি প্ৰমাণ সপোৱা গৈছে, কিয়নো ইয়াতে শিলৰ মন্দিৰৰ ভেঁটিৰ উপৰিও শিলত কটা পদুম ফুলৰ নক্সা পোৱা গৈছে। এই ঠাইৰ স্বাভাৱিক পৰিস্থিতিয়ে প্ৰমাণ কৰে যে এই ঠাইত এসময়ত মানুহৰ বসতি আছিল। কপিলী-যমুনা অঞ্চললৈ এই অঞ্চলৰ পৰ যোগাযোগৰ এইটোৱে বোধহয় কেন্দ্ৰস্থল আছিল। চাৰ্থে ৰংফাৰ গাঁওখন এখন ধাননি পথাৰেৰে আগুৰা উচ্চ ভূমিত স্থাপিত গাঁওখন এসময়ত জনবসতিপূৰ্ণ আছিল।

(১০৮) বুঢ়া গোঁসাই থান, ডকমকা, কাৰ্বি আংলং জিলা: 

বুঢ়া গোঁসাই থানত থকা শিলৰ মন্দিৰৰ ভগ্নাৱশেষসমূহ আনুমানিক ১১০০ খৃঃৰ বুলি অনুমান কৰিব পাৰি। এইবিলাকৰ ভিতৰত মিহিকৈ কটা আৰু নক্সা খোদিত শিলৰ অংশ, ইটাৰ টুকুৰা আৰু ইটাৰ দেৱালেৰে আগুৰা নৈৰ ঘাট আছে। পুৰণা কোঠাৰ মজিয়াৰ ওপৰত কেন্দ্ৰত এটা স্থায়ী ভাৱে শিৱলিঙ্গ থকাকৈ এটা আধুনিক মন্দিৰ সজা গৈছে। এই ঠআইত নৈৰ ঘাটত থকা ইটাৰে সজা স্থাপত্যই প্ৰমাণ কৰে যে নৈৰ ঘাটেৰে বস্তু অনা-নিয়া কৰা ঘাট এটা এই ঠাইতে আছিল।

(১০৯) শিলত কটা দুৰ্গা মূৰ্ত্তি, টিলাপাৰা, ,লাংহিন, কাৰ্বি আংলং জিলা:

কাৰ্বি আংলং জিলাৰ লাংহিনৰ পৰা ২০ কিলোমিটাৰ দূৰত থকা টিলাপাৰাত ডিফু-ডিমাপুৰ পথৰ ওপৰত শিলত কটা দুৰ্গা মূৰ্ত্তি আছে। টিলাপাৰাৰ অৰ্থ হৈ এটা জনবসতিপূৰ্ণ অঞ্চলত থকা এটা টিলাৰ ওপৰত থকা দুৰ্গা মূৰ্ত্তিটো। ইয়াৰে এটা পাহাৰৰ ১০ ছেঃমিঃ ঘূৰণীয়া খোলনি থকা শিলত দশভূজা দুৰ্গাৰ মূৰ্ত্তিটো কটা আছে। এই ত্ৰৈমাসিক ভাস্কৰ্য্যটো চতুৰ্ভূজাকাৰ মুখ মণ্ডলৰ আৰু চেপেটা, সমদূৰত্বত তিনিটা ওলাই থকা বস্তুৰে শিৰস্ত্ৰাণ থকা। মূৰ্ত্তিটো পুষ্পকুণ্ডলা আৰু আকণ্ঠহাৰ পিন্ধি থকা। মূৰ্ত্তিৰ বাওঁফালে স্বৰ্গীয় বাহন এটা সিংহৰ মূৰ্ত্তি আছে। মূৰ্ত্তিৰ সোঁহাতত এখন খড়্গ আৰু ত্ৰিশূল আছে যিহৰ জোংটোৰে অসুৰক হানি ধৰি আছে। মূৰ্ত্তিৰ বাঁওহাতত এডাল পাশ আৰু এটা চিনি নোপোৱা ধৰণৰ বস্তু আছে। গোঁসানী মূৰ্ত্তিটো ত্ৰিশূলেৰে মহিষাশূৰক বধ কৰি থকা ধৰণে খোদিত কৰা আছে। এই শিলত কটা মূৰ্ত্তিটো আনুমানিক ১০০০ খৃঃৰ বুলি অনুমান কৰা হৈছে।

(১১০) গণেশৰ শিলৰ মূৰ্ত্তি, বগা দৌল, লাংহিন, কাৰ্বি আংলং জিলা: 

বগাদৌল পূৰাতাত্ত্বিক স্থান হৈছে আসনত বহি থকা অৱস্থাত চতূৰ্ভুজ গণেশৰ শিলত কটা মূৰ্ত্তি। মূৰ্ত্তিটোৱে এডাল জপমালা, এডাল ত্ৰিশূল, এডাল অঙ্গুশ আৰু এটা ফল হাতত লৈ আছে। গণেশৰ মূৰত এডাল জামুকুতা শোভা কৰি আছে। পুৰণা ইটাৰ ভগ্নাৱশেষে এই ঠাইত এটা ইটাৰে গাঁঠনি থকাটো সূচায়।

(১১১) মেথা-লং-ই, ডংকামোকাম, কাৰ্বি আংলং জিলা: 

এই ঠাইত ভালেখিনিও শিল পোতা আছে আৰু মস্থানীয়ভাৱে তাকে মেথা-লং-ই বুলি জনা যায়। ঠাইখিনিত অন্ততঃ ২৫টা শিল আছে। ওখ ওখ শিলবোৰ ৩.৫০ মিটাৰৰ পৰা ৫.১০ মিটাৰলৈ ওখ হৈ আছে। এই বৃহত্ শিলাখণ্ডসমূহে ইয়াৰে জনগোষ্ঠীসমূহৰ মাজত ভৱিষ্যতৰ উন্নতিৰ বাবে মৃতকক পূজা কৰা পদ্ধতিটোকে সূচায়।

 

(১১২) চিকাৰী ৰংপি গাঁৱৰ ভগ্নাৱশেষ, লংলকচ, কাৰ্বি আংলং জিলা:

চিকাৰী ৰংপি গাঁৱত থকা ভগ্নাৱশেষসমূহে এটা সলৰু অথচ ধুনীয়া মন্দিৰৰ অৱস্থিতি থকাটো বুজায়। এই ঠাইৰ পৰা সংগ্ৰহ কৰা কিছুমান ভগ্নাৱশেষৰ টুকুৰা ডেণ্টাঘাটৰ আধুনিক মন্দিৰটোত সংগ্ৰহ কৰি থোৱা আছে।

(১১৩) পুখুৰী আৰু গড়, মাইবং, উত্তৰ কাছাৰ জিলা:

এই ঠাইখিনিত ১ কিলোমিটাৰ দীঘল এটা গড় পশ্চিমে মাহুৰ নৈৰ পৰা পূৱে পৰ্ব্বতৰ শাৰীলৈ বিস্তৃত হৈ আছে। মাইবং কছাৰীসকলৰ ৰাজধানী আছিল আৰু তেওঁলোকৰ বাসস্থানখিনি শক্তিশালী কৰিবলৈ বুলি তেওঁলোকেই এই গড়টো সাজিছিল। এই ঠাইত ইটাৰে পাৰ বন্ধা ৰজাপুখুৰী আৰু ৰাণীপুখুৰী নামৰ দুটা ৰজাদিনীয়া পুখুৰী আছে। ইয়াৰে এটা পুখুৰী ১৪ মিটাৰ বহল আৰু পুখুৰীৰ চাৰিওটা পাৰৰ পৰা পুখুৰীলৈ যাব পৰাকৈ ইটাৰে সজা খটখটি আছিল। আনটো ৰজাপুখুৰী সমতল ভূমিৰ চাৰিকোণীয়া আছিল।

(১১৪) শিৱ মন্দিৰ, শিৱটিলা, কাছাৰ জিলা:           

ডিমাচা ৰজা, কৃষ্ণচন্দ্ৰৰ ৰাজত্ব কালত শিলালিপিৰে সৈতে থকা দুটা মন্দিৰ ইয়াতে সাজিছিল। ভূমিৰ নক্সা মতে ইটাৰ মঞ্চৰে উন্নীত মন্দিৰ দুটা চাৰিচুকীয়া।

  
  

(১১৫) পুৰণা ইটাৰ দালান, ময়না, কৰিমগঞ্জ জিলা:

এই দালানটো মধ্যযুগৰ পিছৰচোৱা সময়ত ইটাৰে সজা। ভূমিৰ নক্সা আৰু উন্নতিত এই দালানটো চাৰিচুকীয়া আৰু ইয়াত কেইবাখনো খিৰিকিৰ আকৃতি সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ৰখা হৈছে। দেৱালবিলাকত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ফুলৰ নক্সা কটা আছে।

  

(১১৬) গৌৰীবল্লভ দেৱালয়, শিৱসাগৰ জিলা:

আহোম ৰজা লক্ষ্মী সিংহৰ ৰাজত্ব কালত আনুমানিক ১৭৭৪ খৃঃত গৌৰীবল্লভ দেৱালয়খন সজোৱা হৈছিল। ৰমানন্দ আচাৰ্য্যৰ বৰপুত্ৰই তেওঁৰ পিতৃৰ স্মৃতিত এই মন্দিৰটো ইটাৰে সাজিছিল। ৰমানন্দ আচাৰ্য্যক ন-গোঁসাই নামেৰেও জনা গৈছিল বাবে গৌৰীবল্লভং দেৱালয়ক ন-গোঁসাই দৌল বুলিও জনা যায়।

মন্দিৰটো দুটা খণ্ডত ভাগ কৰা, যেনে- গৰ্ভগৃহ আৰু অন্তৰালা। গৰ্ভগৃহটোত চাৰিটা অঙ্গ শিখৰৰ সৈতে চৌ-ছালৰ শিখৰ আৰু অন্তৰালাৰ ওপৰত দুছলীয়া ধৰণৰ ছাল আছিল।

 

(১১৭) লাইথেপেনা মৈদাম, শিৱসাগৰ জিলা: