মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

পুৰাতাত্ত্বিক স্থানসমূহ

অসমৰ পূৰাতাত্ত্বিক স্থানৰ খনন কাৰ্য

পূৰাতাত্ত্বিক সঞ্চালকালয়ে চৰকাৰৰ পৰা সঠিক অনুমোদন আৰু ভাৰতৰ পূৰাতাত্ত্বিক জৰিপ(Archaeological Survey of India)ৰ অনুজ্ঞাপত্ৰ লৈ ২০১৬-১৭ বৰ্ষত অসমৰ দুঠাইত প্ৰণালীবদ্ধভাৱে আৰু বৈজ্ঞানিক ভিত্তিত খনন কাৰ্য চলায়। ঠাই দুখন হল –

(১) অসমৰ গোৱালপাৰা জিলাৰ ডেকাধোৱা পূৰাতাত্ত্বিক স্থান,

(২) অসমৰ ডিমা হাছাও জিলাৰ খোবাকৰ বৃহত্ শিলাখণ্ডৰ স্থান।

অসমৰ পূৰাতাত্ত্বিক স্থান আৰু সৌধসমূহৰ উদঘাটন

সঞ্চালকালয়ে অসম চৰকাৰৰ অনুমোদন আৰু ভাৰতৰ পূৰাতাত্ত্বিক জৰীপ বিভাগৰ পৰা লাইচেন্স লৈ অসমৰ ডিমা হাছাও জিলাত বিস্তৃত উদঘাটন কাৰ্য চলাইছে। ক্ষেত্ৰীয় বৰ্ষ ২০১৬-১৭ চনৰ এই উদঘাটন কাৰ্যত জিলাখনত কেইবাখনো নতুন পূৰাতাত্ত্বিক স্থান, যেনে- কোবাকত শৈলখণ্ড, বলচানত শিলৰ জাৰ, লুংপুইফাইত শিলৰ জাৰ উদঘাটন হৈছে।