মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

পুথিভঁড়াল আৰু প্ৰকাশন

শিশু পুথিভঁড়াল

১৯৮৫ চনত বিষ্ণু নিৰ্মলা পুথিভঁড়াল স্থাপন হয়। ৪ বছৰৰ পৰা ১৬ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবেৱ এই পুথিভঁড়ালটো বিশেষ ভাৱে প্ৰযোজ্য । গুৱাহাটীৰ লতাশীল খেল-পথাৰৰ সমুখত এই পুথিভঁড়ালটো অৱস্থিত ।

এই পুথিভঁড়ালটো হৈছে স্বাধীন অসমৰ ২য় গৰাকী মুখ্যমন্ত্ৰী মাননীয় স্বৰ্গীয় বিষ্ণুৰাম মেধি ডাঙৰী্যাৰ সাৰ্থক সপোন , তেৱেঁই মাদ্ৰাজ ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথম গৰাকী অসমীয়া মানুহ। এই পুথিভঁড়ালটো অসম চৰকাৰৰ সাংকৃতিক বিভাগৰ অধীনস্থ পুথিভঁড়াল সেৱা সঞ্চালকালয়ৰ অধীনত।

এই পুথিভঁড়ালটোত তিনিটা বেলেগ বেলেগ বিভাগ গোট খাই আছে।  ইয়াৰে এটাভাগত কিতাপ পঢ়া হয়, আন এটা ভাগ শিশু সকলৰ বাবে, তাত খেল খেলা, কাৰ্টুন বাতৰি আদি চাব পৰাকৈ টি.ভি. চোৱা আদি আৰু আনটো ভাগ কিতাপ ধাৰে দিয়া বিভাগ। কিতাপ পঢ়া বিভাগ ব্যৱহাৰ কৰিবলৈ সদস্য হোৱাৰ বাবে কোনো ধৰণৰ নিয়ম নাই, যিকোনো শিশু তাত সোমাব পাৰে এখন ৰেজিষ্টাৰ বহীত চহী কৰি কিতাপ পঢ়িলেই হ’ল। কিন্ত কিতাপ ধাৰে নিবলৈ হ’লে নিৰ্দ্দিষ্ট ফৰ্ম এখন ভৰ্ত্তি কৰিলৈ পুথিভঁড়ালৰ স্থায়ী সদস্য হব লাগিব । এজন সদস্যই ১৫ দিনৰ বাবে দুহ্কন কিতাপ ধাৰে নিব পাৰে, আৰু বিশেষ প্ৰয়োজন হলে পুথিভঁড়ালত নিজে আহি দেখা কৰি সেই কিআতপ দুখন আকৌ ১৫ দিনলৈ বৃদ্ধি কৰিব পাৰে। ইংৰাজী, অসমীয়া, হিন্দী, বেঙ্গলী ভাষাৰ কিতাপেৰে পুথিভঁড়ালটো সুসজ্জিত হৈ থকাৰ উপৰিও বা-বাতৰি আৰু কৌতুকৰ বাবে আন আন পথন সামগ্ৰীও আছে। বৰ্ত্তমান বিষ্ণু নিৰ্মলা শিশু পুথিভঁড়ালত চৌদ্ধ হাজাৰ কিতাপ আৰু এঘাৰ খন ইংৰাজী আৰু অসমীয়া ভাষাৰ আলোচনী আছে।