মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

পুথিভঁড়াল আৰু প্ৰকাশন

প্ৰতিখন জিলা আৰু মহকুমা পুথিভঁড়ালৰ একোটাকৈ কিতাপ ইচ্যু আৰু ধাৰে দিয়া বিভাগ আছে ।এই বিভাগৰ পৰা পঢ়ুৱৈয়ে ১৫ দিনৰ বাবে দুখন কিতাপ ধাৰে নিব পাৰে ।

গুৱাহাটী আৰু যোৰহাটৰ জিলা পুথিভঁড়ালত RFID( Radio Frequency Identification)স্থাপন কৰা আছে । সকলো বিলাক জিলা পুথিভঁড়ালতে লাইব্ৰেৰী অটোমেচনৰ বাবে ‘koha’ লাইব্ৰেৰী অপেন চোৰ্চ চফটৱেৰ স্থাপন কৰা আছে ।

ইন্টাৰনেট সেৱা -

গুৱাহাটীত থকা পুথিভঁড়াল সেৱা সঞ্চালকালয়ে পঞ্জীয়ন কৰা সদস্যসকললৈ প্ৰতি ঘন্টাত ১০ টকা হাৰে ইন্টাৰনেট সেৱা আগবঢ়াই । এই সেৱা বিধিত তেঁলোকে এটঅ সামণ্য মাচুলৰ বিনিময়ত দৰ্কাৰ হোৱা নথি ছপা কৰা , নকল কৰা বা ডাউন লোড কৰি নিব পাৰে । প্ৰতিদিনে ব্যৱহাৰকাৰী সকলক এঘন্টাকৈ ইন্টাৰনেট ‘ ব্ৰাউজ’ কৰিবলৈ দিয়া হয় । চাইবাৰ কেন্দ্ৰত ব্যৱহাৰ কৰিব পৰাকৈ ১০ টা উৎসৰ্গিত মেচিন আছে ।

কিতাপৰ বিতৰণ -

প্ৰতি বছৰে চৰকাৰে বাজেটত ধাৰ্য্য কৰা ধন আৰু কলিকতাৰ ৰাজা ৰামমোহন ৰয় লাইব্ৰেৰী ফাউণ্ডেচনৰ ‘ মেচ্ছিং ’ আঁচনিৰ (৯০:১০) মতে পুথিভঁড়াল সঞ্চালকালয়ে কিতাপ কিনে । সকলোবিলাক জিলা আৰু মহকুমা পুথিভঁড়ালে এই কিতাপ বিলাক পায় । এখন পুথি বাচনি কমটিয়ে এই পুথিবিলাক নিৰ্বাচন কৰে আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আ্য়ুক্ত সচিব ডাঙৰীয়া এই কমিটিৰ অধ্যক্ষ ।

Downloads
TitleSizeDetail
Distribution books 2016-17.xlsx51.32 KBswf-image