আধুনিক পুথিভঁড়ালৰ প্ৰথম পদক্ষেপ হৈছে ‘কম্পিউটাৰাইজেচন’। বৰ্ত্তমানৰ পৰিবৰ্ত্তনশীল পৰিস্থিতিত পুথিভঁড়াল আঠুনিকীকৰণৰ পিছৰ খেপটো হৈছে লাইব্ৰেৰী অটোমেচন । অটোমেচনৰ পিছত উন্নত মানলৈ নিয়াৰ পদক্ষেপ হৈছে ডিজিটেল লাইব্ৰেৰী। যিহেতু বৰ্ত্তমান যুগটোৱে হৈছে ডিজিটেলৰ যুগ,গতিকে লাইব্ৰেৰীকো ডিজিটেল কৰাটো যুগুত। DLS এ সময়ে সময়ে কম্পিউটাৰাইজেচন, অটোমেচন আৰু ডিজিটেল লাইব্ৰেৰী পদক্ষেপ লৈ আছে। পুথিভঁড়াল সেৱা সঞ্চালকালয়ে, গুৱাহাটীত এটা ডিজিটেল লাইব্ৰেৰী গোট আছে য’ত গৱেষণা মূলক কাম সমূহ কৃতকাৰ্য্যতাৰে সম্পন্ন কৰা আছে।
পুথিভঁড়াল সেৱা সঞ্চালকালয়ৰ অধীনস্থ জিলা পুথিভঁড়াল গুৱাহাটীৰ চৌহদত DLS ৰ প্ৰাসঙ্গিক শাখাত পঢ়ুৱৈ আৰু সৱেষকৰ বাবে ডিজিটেল লাইব্ৰেৰী মুকলি কৰা হৈছে। এতিয়ালৈকে ৪০০০ খন কিতাপ(মুঠ পৃষ্ঠা ১১,২৮,১২৯) (দুৰ্লভ আৰু কপিৰাইট নথকা)ডিজিটাইজ কৰা হৈছে আৰু এইবোৰ ডিজিটাইজ ধৰণতে পোৱা যাব। এই ইংৰাজী, ফৰাচী, হিন্দী, ইটালীয়ান, মণিপুৰী, মঙ্গোলীয়ান, সংস্কৃত আৰু আন আন ভাষাৰো আছে। জিলা পুথিভঁড়ালৰ গুৱাহাতীৰ LAN ত এইবিলাক উপলব্ধ। প্ৰতিজন পঢ়ুঁৱৈয়ে বিষয়, কিতাপৰ নাম, লেখক, প্ৰকাশক, প্ৰকাশৰ বছৰ, কী-ৱৰ্ডৰ সহায়ত কিতাপখন বিচাৰি পাব পাৰে। যদি কোনোৱাই তেওঁ বিচৰা পৃষ্ঠা কেইটা প্ৰিন্ট কৰিব খোজে তেন্তে তেওঁ প্ৰিন্টিঙৰ খৰছটো আদায় দি উঠি কাগজ খিনি লৈ যাব পাৰে। ভাৰত চৰকাৰৰ বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ পুঁজিৰে, কলিকতাৰ CADAC ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কাৰণে ডিজিটেল পুঁথিভঁড়াল আঁচনিৰ অধীনত এই ডিজিটাইজেশ্বনৰ কামটো চলি আছে ।
আনহাতে ভাৰত চৰকাৰৰ সাংকৃতিক মন্ত্ৰ্যালয়ে যোগান ধৰা পুঁজিৰে পুথিভঁড়ালসমূহৰ ৰাষ্ট্ৰীয় অভিযান(মডেল পুথিভঁড়াল)ৰ অধীনত পুথিভঁড়াল সঞ্চালকালয়ৰ অধীনস্থ গুৱাহাটীৰ জিলা পুথিভঁড়ালে ৰাজহুৱা ইন্টাৰনেট সেৱা স্থাপন কৰিছে ।
এইখন আঁচনিৰ অধীনত এই পুথিভঁড়ালটোৱে কিতাপ ধাৰে দিয়া বিভাগত RFID( Radio Frequency Identification) পদ্ধতি কাৰ্য্যকৰীকৰণ কৰিছে।
Title | Size | Detail |
---|---|---|
![]() | 936 KB | ![]() |