মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

চলচ্চিত্ৰ সংগ্ৰহালয়

অসম ৰাজ্যিক চলচ্চিত্ৰ (অৰ্থ আৰু উন্নয়ন) নিগম(ASFFDC)য়ে অসমৰ প্ৰথম আৰু একমাত্ৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প ‘জোনাকী’ ৰ উন্নয়নৰ বাবে আত্মোৎসৰ্গা কৰিছে , যিটো অমসমৰ প্ৰথম আৰু একমাত্ৰ ফিল্ম সংগ্ৰহালয় হ’ব। ২০১৩ চনৰ ২৯ ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই একমাত্ৰ ফিল্ম সংগ্ৰহালয়টোৰ শুভ উদ্ধোধন কৰে । চলচিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি শ্ৰী অমল পালেকাৰ ডাঙৰীয়াই এই অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থি্ত থাকে ।

এই সংগ্ৰহালয়টোত অকল ছবিৰ বীথিকাই নহয় , আগৰ বছৰ বিলাকৰ পৰা বৰ্ত্তমানলৈ চলচিত্ৰৰ পোষ্টাৰ বিলাকো দৰ্শনৰ বাবে ৰখা আছে । ইয়াত ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগৰ আৰু চলচ্চিত্ৰ উন্নয়নৰ ইতিহাসৰ সকলো তথ্য আছে ।

অসমীয়া চলচ্চিত্ৰৰ একোখনকৈ ছবি দৈনিক দেখুওৱাটো এই সংগ্ৰহালয়ৰ দৈনিক কাম-কাজৰ ভিতৰত পৰে । অকল সে্যে নহয় ,চলচ্চিত্ৰত ব্যৱহৃত পুৰনা সাজ-সজ্জাৰ লগতে সেই সময়ত ব্যৱহৃত ফিল্ম প্ৰজেক্টৰ. কেমেৰা . শব্দ ৰেকৰ্ড কৰা মেচিন , পুৰণি গ্ৰামোফোন ৰেকৰ্ড আৰু আন আন বস্তূ বিলাকো এই সংগ্ৰহালয়ৰ এটা বিশেষত্ব ।

সংগ্ৰহালয়ত সৰ্বমুঠ টা টি. ভি স্ক্ৰীন আছে

মনিটৰ ১ - জয়মতী আৰু জ্যোতি প্ৰসাদৰ ওপৰত এখন ছবি দেখুৱাই

মনিটৰ ২ - জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এখন ছবি দেখুৱাই

মনিটৰ ৩ - ডঃ ভূপেন হাজৰিকাৰ ওপৰত এখন ছবি দেখুৱাই

মনিটৰ ৪ - পুৰস্কাৰ প্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ সমূহৰ গীত বিলাকৰ ছবি দেখুৱাই

মনিটৰ ৫,৬,৭ - কেইটা প্ৰায় ৭৫ জন স্বৰ্গত শিল্পীৰ নামত উৎসৰ্গিত । তেওঁলোকৰ বহুমূলীয়া বৰঙনি সমূহ তেওঁলোকৰ ফটোৰে সৈতে শ্লাইডৰ যোগে ইয়াত দেখুৱা হয় ।

ইয়াতে সৰ্শক সকলে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ঘটনা সমূহ লগতে প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ ৰ ঘটনা সমূহৰ ওপৰত এভূমুকি মাৰিব পাৰিব। অসমীয়া চলচ্চিত্ৰৰ ঐতিহ্য ৰক্ষাৰ বাবে এইটো এক মহান প্ৰচেষ্টা ।এই চলচ্চিত্ৰ সংগ্ৰহালয়ে অসমৰ চলচ্চিত্ৰ জগতৰ অকল ঐতিহ্য ৰক্ষা কৰাই নহয় , ই গবেষক আৰু ডেকা চলচ্চিত্ৰ নিৰ্মাতা সকলক অসমৰ চলচ্চিত্ৰ জগতৰ হেৰাই যোৱা দিশটোৰো সন্ধান দিব ।

পুনেৰ নেচনেল ফিল্ম আৰ্কাইডৰ প্ৰাক্তন সঞ্চালক শ্ৰী পি.কে. নায়াৰ ডাঙৰীয়াৰ তত্ত্বাৱধানত পাঞ্জাবাৰীৰ বহুমুখী সাংস্কৃতিক প্ৰকল্পত এখন ফিল্ম আৰ্কাইভ ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধীনত সম্পূৰ্ণ হৈ উথিছে আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত মাননীয় মুখ্যন্ত্ৰ্ৰী ডাঙৰীয়াই ইয়াক উদ্ধোধন কৰে । প্ৰায় ১৩৭ খন ছবিৰ প্ৰিন্ট এই আৰ্কাইভত বৰ্ত্তমানে সংৰক্ষণ কৰা হৈছে ।