আনন্দ-মেলা আৰু উৎসৱৰ দেশ অসম , অসমত পালন কৰা বেছিভাগ উৎসৱৰে উৎসাহ- উদ্দীপনা এনেকুৱা যে অসমৰ সকলোবোৰ বাসিন্দাৰ বাৰেৰহনীয়া কৃষ্টিৰহে যেন ই এক সংমিশ্ৰণ। অসমৰ বাসিন্দাৰ এই সম্পূৰ্ণ ঐতিহ্যৰ মিশ্ৰনে অসমৰ মানুহৰ উদ্যম , দস্তুৰ আৰু জীৱন শৈলীৰ এক ৰংচঙীয়া বাসস্থানৰ আভাস দিছে।
অসমত পালন কৰা ডাঙৰ ডাঙৰ উৎসৱ সমূহ হ’ল- বিহু , বৈশাগু , আলি- আই-লৃগাং , বায়খো , ৰংকাৰ , ৰাজিনি গাব্ৰা , হাৰনি গ্ৰাবা, বহাগ গিও বিষু , অম্বুবাচী মেলা , জোবিল মেলা ইত্যাদি ।।অসমৰ মানুহে আকৌ হোলি , দুৰ্গাপূজা , দেৱালী , সৰস্বতী পূজা , লক্ষ্মী পূজা , কালী-পূ্জা , ঈদ , মহৰম , মে- দাম-মে-ফি , বৈষ্ণৱ সন্ত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ আবিৰ্ভাৱ আৰু তিৰোধান তিথিও পালন কৰে। অসমৰ জনজাতীয় লোকসকলেও যেনে বড়োসকলৰ খেৰাই পূজা , ৰাভাসকলৰ বায়খো আৰু ফৰকান্তি ,মিচিংসকলৰ আলি-আই-লৃগাং আৰু পঃৰাগ, তিৱা সকলৰ চাগ্ৰা-মিছাৱো ৱানছাৱা আৰু লঘূণ আদি বাৰে ৰহনীয়া উৎসৱ সমূহ পালন কৰে।
অসমৰ আটাইতকৈ ডাঙৰ উৎসৱ হৈছে বিহু। অসমৰ জাতি , ধৰ্ম,নিৰ্বিশেষে সকলো মানুহে আনন্দ আৰু প্ৰাচুৰ্য্যৰে বিহু উৎসৱ পালন কৰে।
বছৰত তিনিটা বিহু পালন কৰা হয়। ব’হাগ বিহু , যিটো বিহুৱে মানুহৰ আশা-আকাংক্ষাৰ শুভাশুভ নিৰ্ণয় কৰে , কাৰণ এইটোৱে হৈছে খেতি আৰম্ভ কৰাৰ বতৰ , কাতি বিহু যিটো বিহুৱে শস্য কটা আৰু বন্ধাৰ চিন দিয়ে আৰু মাঘ বিহু , যিটো বিহু শস্য চপোৱাৰ বতৰৰ বতৰা দিয়ে।
আহোম সম্প্ৰদায়ৰ আটাইতকৈ উল্লেখনীয় উৎসৱ হৈছে মে-ডাম-মে-ফি অৰ্থাৎ আহোম সম্প্ৰদায়ৰ সকলোৱে পালন কৰা ‘পূৰ্ব্ব পুৰুষক’ পূজা কৰা উৎসৱ ।এই উৎসৱ প্ৰতিবছৰে ৩১ জনুৱাৰী তাৰিখে পালন কৰা হয় আৰু এই উৎসৱতে সকলো আহোম মানুহৰ মজত সামাজিক ভাৱে যোগা্যোগ হৈ একতাৰ ডোলেৰে বান্ধ খাই থাকে । এই উপলক্ষে ভক্ত বৃন্দই জাক জমকীয়া জাতীয় পোচাক পৰিধান কৰি শোভা্যাত্ৰা উলিয়াই । এটা বিশ্বাস জনসাধাৰণৰ মাজত আছে যে যদিহে পদ্ধতি মতে মে-ডাম-মে-ফি উৎসৱ পালন কৰা নহয় , তেন্তে দেৱতা সকল অসন্তষ্ট হয় আৰু তাৰ ফলস্বৰূপে দেশত সঙ্কটৰ সৃষ্টি , যেনে ৰাজনৈতিক বিদ্ৰোহ আৰু গৃহযুদ্ধ , বিদ্ৰোহ , বানপানী আৰু ভূমিকম্প আদি ধন- জনৰ হানি হ’ব পাৰে, গতিকে মানুঽ আৰু সমাজৰ মঙ্গলৰ বাবে মে-ডাম-মে-ফি পালন কৰাটো নিশ্চিত ।
এই উৎসৱটো অসমত বৰ জাকজমকীয়া আৰু আগ্ৰহেৰে পালন কৰা হয় । এই উৎসৱটো সাধৰণতে অসমৰ ‘ বড়ো-কছাৰী’ জনগোষ্টীয়ে পালন কৰে আৰু বড়ো জনগোষ্ঠীৰ বাবে এইটো এটা ডাঙৰ উৎসৱ । সহস্ৰ ৰং আৰু তামাচাৰ বাবে বিখ্যাত এই উৎসৱটো বড়ো-কছাৰী সকলে এপ্ৰিলৰ মাজভাগত পালন কৰে । বড়ো জনগোষ্ঠীৰ বাবে এইটো এটা ম ন ত ৰাখিবলগা উৎসৱ । নতুন বছৰৰ আগমনৰ লগে লগে ও বসন্ত কালত বড়োসকলে এই উৎসৱ পালন কৰে। এই বৈশাগু উৎসৱত বহুবিলাক পৰম্পৰাগত বাদ্যযন্ত্ৰ বিলাক হ’ল ,- বাং , জোঠা , গগনা , চিফুং , খাম ইত্যাদি । এই বৈশাগু উৎসৱ এডোখৰ বিশেষ ঠাইত প্ৰাৰ্থনা কৰাৰ বাবে সমজুৱা ভাৱে লগ হয় আৰু অসমীয়াত ইয়া ‘ গৰজাশালী ’ বুলি কয়।
গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ এইটো এটা বৰ দৰ্কাৰী উৎসৱ আৰু প্ৰতি বছৰে মৌচুমীৰ আগমনৰ লগে লগে (জুন মাহৰ মাজ ভাগত)অনুস্থিত হয়। এইটো হৈছে শাস্ত্ৰসন্মত উগ্ৰ ‘তান্ত্ৰিক পদ্ধতি’। অম্বুবাচী সময়ত মন্দিৰৰ দুৱাৰ তিনি দিনলৈ বন্ধ হৈ থাকে। এইটো এটা জনবিশ্বাস যে ধৰিত্ৰী এই তিনি দিন অশুচি অৱস্থাত থাকে। এই সময়ছোৱাত কোনো ধৰণৰ খেতি-বাতিৰ কাম নহয়। ওপৰত কোৱা এই তিনি দিন বন্ধ হৈ থকা সময়ত অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অনুস্থিত হয়। মাত্ৰ চতুৰ্থ দিনাহে ভক্তসকলক মন্দিৰৰ ভিতৰলৈ পূজা কৰিবলৈ যাবলৈ দিয়ে। দেশৰ আৰু বিদেশৰ হাজাৰ হাজাৰ ভক্ত এই মেলা দৰ্শন কৰিবলৈ আহে।