মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

আৰ্থিক সাহাৰ্য্য

সাধাৰণতে এখন ছবি প্ৰযোজনা কৰোতে হোৱা খৰছৰ জোৰা মাৰিবলৈ লোৱাকে ফিল্ম ফাইনেন্স বুলি কোৱা হয়। এইটো হৈছে প্ৰযোজনাৰ আগছোৱাত উন্নয়নৰ কাম চলি থকা অৱস্থাত হোৱা এটা পৰিস্থিতি আৰু প্ৰযোজনা কৰিবলগীয়া ছৱিখনৰ সম্ভাৱনীয়তাৰ ওপৰতে ই নিৰ্ভৰশীল ।

অসমত সফল ছবি কৰিবলৈ যাওঁতে নিৰ্মাতাজনে বৰকৈ অৰ্থনৈতিক কাঠিণ্যত ভোগাৰ কাৰণ হ’ল দেশৰ আন ঠাইৰ দৰে অসমৰ বক্স-অফিচ ইমান জনপ্ৰিয় নহয়, গতিকে দৰ্শকক বৰকৈ আকৰ্ষণ কৰিব পৰা ছবি নিৰ্মানৰ পৰা প্ৰযোজকসকল আঁতৰি থাকে । আজিৰ দিনত অসমত এজন নিজাকৈ ছবি নিৰ্মান কৰিব খোজা নিৰ্মাতাৰ প্ৰধান প্ৰত্যাহ্বান হ’ল অৰ্থনৈতিক কাঠিণ্য । সকলোবিলাক নিজা ছবি নিৰ্মাতাই নিজৰ ছবিখন প্ৰযোজনা কৰিবলৈ যোত্ৰাবান নহয় বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতই ইয়াৰ ৰাইজক নতুন ধাৰাৰ মূল প্ৰকল্পক অৰ্থযোগান ধৰাৰ বাবে আগভাগ লৈছে আৰু তাৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতই চৰকাৰী- বেচৰকাৰী অংশীদাৰিত্বত অসম চৰকাৰৰ পৰা আৰ্থিক সহায় লৈ ৬০% আৰু ব্যক্তিগত প্ৰযোজকে ৪০% পুঁজি নিয়োগ কৰিব ।নিগমে ছবিৰ নিৰ্দ্দেশক / প্ৰযোজক বিজ্ঞাপন দিয়ে আৰু এনে বিশেষজ্ঞ কমিটিয়ে সেইবোৰ চালি-জাৰি চাই ভাল ভাল চিত্ৰনাট্যসমূহ ঋণদানৰ বাবে নিৰ্ব্বাচন কৰে । 

ভাৰত চৰকাৰৰ সাংকৃতিক মন্ত্ৰালয় আৰু নতুন দিল্লীৰ সঙ্গীত নাটক একাডেমীয়ে সাংকৃতিক সঞ্চালকালয়ৰ জৰিয়তে সাংকৃতিক অনুস্থান আৰু ব্যক্তিগতভাৱে দিব খোজা আৰ্থিক সা্হা্য্যৰ আঁচনি

  • বুদ্ধিষ্ট / তিবেতান ক’লা আৰু সাংকৃতিৰ উন্নয়ন আৰু সঁজুলি কিনিবলৈ অনুদান আঁচনি
  • ব্যৱসায়িক গোট আৰু ব্যক্তি বিশেষক বিশিষ্ট পৰিবেশ্য ক’লাৰ বাবে আৰ্থিক সাহা্য্য
  • সাংকৃতিক অনুস্থানলৈ সাংকৃতিক উৎসৱ পালনৰ বাবে অনুদান
  • বিশিষ্ট লেখক শিল্পী বা আন আন তেনে বিষয়ৰ ব্যক্তি যিবিলাকে দাৰিদ্ৰ্যৰ মাজত আছে আৰু তেনে লোকৰ পৰিয়াল (কেন্দ্ৰীয় শিল্পী পেন্সন)
  • পৰিৱেশ্য ক’লা লেখক আৰু প্লাষ্টিক ক’লাৰ বিশিষ্ট ব্যক্তিলৈ জেষ্ঠ / কনিষ্ঠ ফেলোচিপ
  • নতুন ক্ষেত্ৰৰ বিশিষ্ট শিল্পী সকললৈ জেষ্ঠ / কনিষ্ঠ ফেলোচিপ
  • পৰিৱেশ্য ক’লা লেখক , আৰু দৃশ্য বিষয়ক ক’লাৰ ক্ষেত্ৰত অতি বিশিষ্ট ব্যক্তিলৈ এমেৰিটাচ ফেলোচিপ
  • ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংকৃতিক সন্থাসমূহলৈ আৰ্থিক সাহা্য্য
  • সাংস্কৃতিক সন্থাসমূহলৈ প্ৰযোজনা আৰু দৰমহাৰ অনুদান ।
  • পৰিৱেশ্য ক’লাৰ অনুদান আঁচনিৰ অধীনত বয়-বস্তু থোৱা ভঁড়ালৰ অনুদান / আৰ্থিক সাহা্য্য ।
  • সঙ্গীত নটক একাডেমী, নতুন দিল্লীৰ আৰ্থিক সাহা্য্য

ওপৰোক্ত আঁচনিসমূহৰ বিষয়ে, অনুদানৰ বাবে বান্ধি দিয়া নিয়ম, যোজ্ঞতা, উদ্দেশ্য আৰু অনুদানৰ পৰিমাণ, অনুদানৰ ধৰণ আৰু আবেদনৰ নিয়ম, অনুদান মুকলি কৰিব লগা আবেদনৰ বিশেষ নিয়ম আৰু নিৰ্দ্দেশসমূহ ইত্যাদি নিম্নোক্ত ৱেবচাইটত ডাউনলোড কৰিলে পোৱা যাবঃ-

www.indiaculture.nie.in

www.sangeetnatak.gov.in

Downloads
TitleSizeDetail
Application Form for Loan3.99 MBswf-image