মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ

অসমৰ সংস্কৃতি

অসম দেশ বাৰে ৰহনী্য়া সংস্কৃতিৰ মিলনভূমি। এই আনন্দময়ী অসম দেশৰ জনসাধৰণ বিভিন্ন জনগোষ্ঠীৰ যেনে, মঙ্গোলীয়, ইণ্ডো-বাৰ্মা, ইণ্ডো-ইৰানীয়ান আৰু আৰ্য্য জনগোষ্ঠীৰ সংমিশ্ৰন। এই সকলো জাতি-জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰনত অসমীয়া সংস্কৃতি এখন বুটাবচা কাপোৰৰ দৰে ৰংচঙীয়া হৈ উঠিছে। ইয়াৰে স্থানীয় মানুহখিনিক অসমীয়া(Assamese) বুলি কোৱাৰ লগতে এই ৰাজ্যৰ ভাষাটোও অসমীয়া।

এই ৰাজ্যত বহুবিলাক জনগোষ্ঠী আছে, প্ৰতিটোৱে নিজৰ জীৱন ধাৰাৰে চালিত। বিচিত্ৰ জনগোষ্ঠী সমূহ যেনে- বড়ো, কছাৰী, কাৰ্বি, মিৰি, মিছিম, ৰাভা আদি অসমত একেলগে বসবাস কৰি আছে, বেছিভাগ জনগোষ্ঠীৰে নিজৰ ভাষা আছে যদিও ৰাজ্যৰ মূল ভাষা হৈছে অসমীয়া।

বেছিভাগ অসমীয়া মানুহেই বৈষ্ণৱ পন্থী(হিন্দু ধমৰ এটা শাখা)। বৈষ্ণৱ সকলে মূৰ্ত্তি পূজাত বিশ্বাস নকৰে আৰু নাম-কীৰ্ত্তন কৰি ভগৱান বিষ্ণুৰ মহিমা গা্য়। অসমৰ সংস্কৃতিৰ সূতা ডালত প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান সাংস্কৃতিৰ আৰু ধৰ্মীয় অনুস্থান দুটা হৈছে সত্ৰ, য’ত ৪০০ বছৰতকৈও বেছিদিন ধৰি ধৰ্মীয় আৰু সাংস্কৃতিক চৰ্চা কৰি অহা হৈছে আৰু আনটো হৈছে নামঘৰ, য’ত প্ৰাৰ্থনা কৰা হয়। স্পষ্টভাৱে কিছুমান জনগোষ্ঠীৰ পৰাই একোখন গাওঁৰ সৃষ্টি হয়। অসমত যদিও জাতিভেদ প্ৰথা আছে, কিন্তু ই ভাৰতৰ আন আন ঠাইৰ দৰে সিমআন গুৰুত্বপূৰ্ণ নহয় । অসমত আান আন ধৰ্ম যেনে- বৌদ্ধ, খৃষ্টান, হিন্দু, ইছলাম আদি ধৰ্মাৱলম্বী লোকো আছে। অসমৰ জাতীয় উৎসৱ বিহুক তিনিভাগত অসমীয়া জাতিয়ে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উলাহ-মালহেৰে বছৰটোত পালন কৰে। বংগভাষী হিন্দু আৰু মুছলমানসকল হৈছে অসমৰ বৃহৎ সংখ্যালঘূ দল, তাৰে পিছে পিছে নেপালী আৰু ভাৰতৰ চুবুৰীয়া অঞ্চলৰ পৰা অহা মানুহখিনি আছে। আটাইতকৈ দৰ্ৰী সামাজিক সাংস্কৃতিক অনুস্থান হৈছে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সামাজিক বান্ধোন দৃঢ় কৰিবলৈ পালন কৰা তিনিটা বিহু উৎসৱ। স্মৰণাতীত কালৰ পৰাই অসমৰ মানুহখিনি কাৰিকৰী ভাৱেই শিল্পী। শিল্পী, ভাস্কৰ, ৰাজমিস্ত্ৰী, শিপিনি, বৱনী, মৃৎশিল্পী, সোনাৰী, হাতীদাঁতৰ কাৰু শিল্পী, কাঠ, বাহ, বেত আৰু চামৰাৰ শিল্পীবলাকে অসমত জাকত জিলিকা হৈ আছিল।

তাঁত শিল্পটোৰ পৰম্পৰা অসমত এনেকুৱা যে প্ৰতিগৰাকী অসমীয়া তিৰোতাই এই কথাটো লৈ গৌৰৱ কৰিব পাৰে । অসমীয়া তিৰোতাই তাঁত-শালত ৰেচম আৰু কপাহী সূতাৰে অনণ্য সুন্দৰ কাপোৰ বব পাৰে অনণ্য সুন্দৰ ৰেচমৰ কাপোৰ , যেনে, এৰী, পাত আৰু জগৎ বিখ্যাত মুগাৰ কাপোৰৰ বাবে অসমৰ নাম আছে। গান্ধীজীয়ে অসমীয়া শিপিনীক এনেকৈ প্ৰশংসা কৰিছিল যে অসমীয়া শিপিনী্যে তাঁত শালত সপোন বৈ উলিয়াব পৰা শিল্পী।

তামোল-পানৰ(Areca nut and betel leaf)উপৰিও গামোচাখন হৈছে খুব সহজে চিনাক্ত কৰিব পৰা অসমীয়া মানুহৰ সাংস্কৃতিক চিন, যিটো সামাজিক আৰু ধৰ্মীয় উৎসৱত এৰাব নোৱাৰা বস্তু।

গামোচা হৈছে হাতেৰে বোৱা এখন আয়তাকাৰ বগা কাপোৰ , প্ৰাথমিকভাৱে ইয়াৰ তিনিওফালে কাষে কাষে ৰঙা পাৰী আৰু চতুৰ্থ ফালে ৰঙা সূতাৰে চিত্ৰ অকাঁ (ৰঙা ৰঙৰ বাহিৰেও আন ৰঙো ব্যৱহাৰ কৰে)। ইয়াক বহুবিলাক কামত ব্যৱহাৰ কৰা হয়। ইয়াক মচিবলৈ টাৱেল হিচাপে, কঁকালত হাছুটি হিচাপে ব্যৱহাৰ কৰা হয়। এজন বিহুৱাই ইয়াক মূৰত গাঁঠি মাৰি লয়, ইয়াক নামঘৰত প্ৰাৰ্থনা কৰোতে ডিঙিত মেৰাই লোৱা হয় আৰু কান্ধৰ ওপৰত লৈ সামাজিক মৰ্য্যাদা দেখুৱাবলৈ লোৱা হয়। গামোচাক বিহুৱান বুলিও কয় আৰু বিহুৰ বতৰত প্ৰীতিৰ চিন স্বৰূপে উপহাৰ দিয়ে। তাৎপৰ্য্যপূৰ্ণভাৱে গামোচাত ধৰ্ম আৰু গোষ্টী নিৰ্বিশেষে সকলোৱে সমানে ব্যৱহাৰ কৰে।

নৃত্য

বিহু

বিহু হৈছে অসমৰ আটাইতকৈ জনপ্ৰিয় লোক নৃত্য। বিহুৰ বতৰত ডেকা-গাভৰুৱে বিহু নৃত্য পৰিবেশন কৰে, যাৰ অৰ্থ হৈছে আৱেগ , সৃষ্টি কৰ্ম আৰু আনন্দ । এই নৃত্যৰ বিশেষত্ব হৈছে সক্ৰিয় পদচালনা আৰু খৰতকীয়া হস্ত পৰিধান কৰে । নাচৰ লগে লগে ঢোল (ঢোলক), পেঁপা , গগনা , বাঁহী ইত্যাদি সঙ্গত কৰে । বিহু নাচৰ আদিটো জনা না্যায় যদিও , তথ্য মতে ১৬৯৪ খৃঃৰ আশে পাশে আহোম ৰজা ৰুদ্ৰ সিংহই ৰংঘৰৰ বাকৰিত বহাগ মাহত বিহু নাচিবলৈ আমন্ত্ৰণ কৰাৰ তথ্য পোৱা যায় । 

সত্ৰীয়া নৃত্য

সত্ৰীয়া নৃত্য শৈলী হৈছে অসমৰ ধ্ৰুপদী নৃত্য অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক সূতাৰ মূল। আঠবিধ ভাৰতীয় প্ৰধান ধ্ৰুপদী নৃত্যৰ ভিতৰত ইয়ো এটা নাচ। যদিও কিছুবছৰৰ পূৰ্ব্বে আন কিছুমান পৰম্পৰা পুনৰ জ্জীৱিত কৰা হৈছে, তথাপি ১৫ শ শতিকাত অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি সত্ৰীয়া নাচ এটা জীৱন্ত পৰম্পৰা হিচাপেই ৰৈ গৈছে। সত্ৰীয়া নাচৰ মূল ভেটিটো স্বাভাৱিকতেই উপকথা সম্বন্ধীয়। মানুহৰ মনত উপাখ্যানৰ শিক্ষা ,তৎকালে আৰু আনন্দ-উপভোগৰ আহিলা হিচাপে কলাসুলভভাৱে প্ৰতিস্থা কৰাৰ এইটোৱে উপায়।

বৰপেটাৰ ভোৰতাল নৃত্য

ভোৰতাল নৃত্য হৈছে শঙ্কৰী ক’লা-কৃষ্টিৰ এক বিস্তৃতি। ছয়জনৰ পৰা দহ জনলৈ নৰ্ত্তকে তাল লৈ থিয় নামৰ পৰা ক্ৰমে তালেৰে আকৰ্ষনীয় ভাৱে বহু বিলাক ভঙ্গী প্ৰতিপাদন কৰে। উৎসৱ আদিত এই নাচ বৰপেটা আৰু গুৱাহাটীত দেখিবলৈ পোৱা যায়।

 

 

চাহ জনগোষ্ঠীৰ লোকনৃত্য ঝুমুৰ নৃত্য

এক শতিকাতকৈও বেছি দিন অসমৰ বাসিন্দা হিচাপে প্ৰতিস্থা লাভ কৰা-চাহ জনগোষ্ঠীয়ে তেওঁলোকৰ লোকনৃত্যক চাহ বাগানৰ ঝুমুৰ নাচ হিচাপে সংশ্লেষিত কৰি প্ৰতিস্থা কৰিছে। এই নাচ বৰ দৃষ্টি নন্দন। কোনোবা চাহ বাগানলৈ যোৱা পৰ্য্যটকে সহজে এই নাচ দেখিবলৈ পাব। চাহ জনগোষ্ঠীৰ ল’ৰা-ছোৱালী বিলাকে একেলগে বা কেতিয়াবা ছোৱালী বিলাকে অকলে সঠিকভাৱে পদচালনা কৰি ইজনীয়ে সিজনীৰ কঁকালত টানকৈ মেৰাই ধৰি এই সংশ্লেষিত ধৰনৰ নাচটো নাচে।

বাগুৰুম্বা

বড়ো জনগোষ্ঠীয়ে গৌৰৱ কৰিব পৰাৰ জোখাৰে বহুবিলাক লোকনৃত্য আছে।এই নাচটোত ধীৰ গতিৰে পদচালনা কৰে আৰু হাত দুখন বহলকৈ মেলি দিয়ে। প্ৰায় বিশজনীমান ছোৱালীয়ে বৰ ৰংচঙীয়া পোচাক পৰিধান কৰি এই নাচটো নাচে , লগতে বড়ো পৰম্পৰাৰ বাদ্য্যন্ত্ৰ সঙ্গত কৰে । বড়ো বসতিপূৰ্ণ কোকৰাঝাৰ, বঙাইগাওঁ, নলবাৰী, দৰ্ং আৰু শোণিতপুৰ জিলালৈ যোৱা পৰ্য্যটকে সাধৰণতে এই নাচটো চাবলৈ পায় ।এপ্ৰিল মাহৰ মাজ ভাগৰ বিষুব সংক্ৰান্তিত অনুস্থিত বড়ো মানুহে পালন কৰা বৈশাগু উৎসৱত এই নাচ নাচে। অসমৰ বড়ো জনগোষ্ঠীৰ মাজত প্ৰচলিত এই আকৰ্ষণীয় বাগুৰুম্বা নাচটোক পখিলাৰ নাচ বুলিও কোৱা যায়, কিয়নো ইয়াতে নাচনীৰ ভঙ্গী বিলাক চৰাই বা পখিলাৰ দৰে হয়গৈ। কনিষ্ঠ লোক সকলে জেষ্ঠ জনলৈ সন্মানপূৰ্ব্বক মূৰ দোৱাই সন্মান যাছে।

দেওঁধনী

সৰ্পদেৱী মনসা দেৱীৰ পূজাৰ লগত দেওঁধনী নৃত্য সংপৃক্ত। এজনী দেওঁধনীয়ে অনুপ্ৰাণিত হৈ নাচি নাচি ঢোল বাদক আৰু বাঁহী বাদকৰ ওচৰলৈ গৈ বহুবিলাক দেৱ-দেৱীৰ উদ্দেশ্যে নাচ প্ৰদৰ্শন কৰে,- এই নাচ শিৱৰ নামত আৰম্ভ হৈ লক্ষ্মীৰ নামত শেষ হয়। আচলতে দেওঁধনী নৃত্য দুবিধ। এবিধ হৈছে অৰ্দ্ধ-ধ্ৰুপদী আৰু আনবিধ হৈছে অৰ্দ্ধ-চেতন (এইবিধ নাচ নহয়)। মঙ্গলদৈ আৰু দক্ষিণ-পশ্চিম কামৰূপ অঞ্চলত চলা দেওঁধনী নৃত্য সুকনান্নী ওজা পালিৰ লগত সংপৃক্ত । দেওঁধনী নৃত্য কামাখ্যা মন্দিৰত বিশেষভাৱে পালন কৰা হয় । ১৯-০৮-০৭ তাৰিখে কামাখ্যা মন্দিৰত দেওঁধনী নৃত্য প্ৰদৰ্শন কৰা হৈছিল । এই নাচত অনুৰক্ত মানুহজনে ৰঙা ৰঙেৰে নিজৰ গাটো বোলাই লয় তেওঁলোকে মা কামাখ্যালৈ ছাগলী আৰু পাৰ চৰাই উছৰ্গা কৰে ।এই উৎসৱত ভাগ লোৱা সকলে কামাখ্যা দেৱীৰ পৰা ঐশ্বৰিক শক্তি লাভ কৰে বুলি বিশ্বাস কৰে ।